Breaking

আপুনি যদি প্ৰেমত পৰিছে তেন্তে এনেবোৰ গুণ থকা পুৰুষৰ পৰা সাৱধান হ‌ওঁক…

0 77

“প্ৰেম” কোনো এটা নিৰ্দ্দিষ্ট সংজ্ঞাৰ উৰ্দ্ধত বুলি কোৱা হয়; কাৰোবাৰ বাবে ই যদি স্বৰ্গীয় অনুভৱ আনহাতে কাৰোবাৰ বাবে এক বুজাব নোৱাৰা আমেজ। মুঠতে, প্ৰেম নহ’লে জীয়াই থকাটো অসম্ভৱ; সেয়া লাগিলে প্ৰেমিক/প্ৰেমিকাই হওঁক অথবা মাতৃ- পিতৃৰ পৰা পোৱা ভালপোৱাই হওঁক; ই নহ’লে জীৱনৰ অধিকাংশ আমোদ হেৰাই যায় বুলিয়ে বিভিন্ন জনে মন্তব্য কৰে। যেতিয়া এজন পুৰুষ আৰু এগৰাকী স্ত্ৰীৰ মাজৰ ভালপোৱাৰ আৰম্ভণি হয় তেতিয়া প্ৰতিটো সময়ত এক শিহৰণে চুই যায়। দুয়ো দুয়োৰে মাজত ইমান বেছি সোমাই পৰে যে ভৱিষ্যতৰ বহু পৰিকল্পনা তেওঁলোকে একেটা মূহুৰ্ততে কৰি ল’বলৈ বিচাৰে।

১) অহংকাৰ এনে এটা বস্তু যি অতি সহজে কোনো এটা সম্পৰ্ক যতি পেলাব পাৰে। সচৰাচৰ দেখা খুব স্মাৰ্ট আৰু আত্মবিশ্বাসী মনৰ গৰাকী হ’লেও কিছু লোকে সকলো সময়তে নিজকে শুদ্ধ বুলি প্ৰমাণ কৰিব বিচাৰে। এওঁলোকে কেতিয়াও নিজৰ ভুল দেখা নাপায়। নিজৰ ভুল ধৰা পৰিলে এওঁলোকে তৰ্ক-বিতৰ্ক কৰি হ’লেও বিষয়টো ওলোটাই দিয়ে, কাৰণ তেওঁ কেনেবাকৈ যদি হাৰে ইগো হাৰ্ট হোৱাৰ ভয় থাকে।

২) আন এটা ধৰণৰ হয় যি ভীষণ কেয়াৰিং স্বভাৱৰ হয়। কেয়াৰিং সংগী সকলোৱে ভাল পায়। কিন্তু সকলো কথাৰে এটা মাত্ৰা থকা দৰকাৰ। গোটেই দিনটো যদি কি খাইছে, কি কৰিছে, কেতিয়া শুই উঠিছে, কাৰ সৈতে আছে, ইত্যাদি কথাবোৰ সুধি মিনিটে মিনিটে ফোন কৰি থকাৰ অভ্যাস থাকে এওঁলোকৰ। প্ৰথমে প্ৰথমে এইবোৰ ভাল লাগিলেও দিন যোৱাৰ লগে লগে অতিষ্ঠ লাগিবলৈ ধৰে। এটা সময়ত এওঁলোক সাংঘাটিক ধৰণে পজেছিভ হৈ উঠে।

৩) অত্যধিক কেয়াৰিং স্বভাৱ বা পজেছিভনেছ যেনেকৈ অসহ্য হৈ পৰে তেনেকৈ বেছি গা এৰা স্বভাৱো কিন্তু উচিত নহয় সম্পৰ্কৰ ক্ষেত্ৰত। এই ধৰণৰ প্ৰেমিকে তেওঁলোকৰ ইচ্ছা মতেহে প্ৰেমিকাৰ সৈতে সময় কটাব তাকো নিজৰ সময় হ’লেহে। প্ৰেমিকা গৰাকীৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতি কেতিয়াও ভ্ৰূক্ষেপ নকৰে। অথচ প্ৰেমিকাৰ পৰা যদি মনোযোগ নেপাই তেন্তে খুব খং কৰি উঠে।

৪) এওঁলোকক এক কথাত ৰমণী প্ৰিয় বুলি ক’ব পাৰি। প্ৰেমৰ প্ৰথম দিন ধৰি এওঁলোকে যৌন সম্পৰ্ক কৰিব বিচাৰে। প্ৰেমত যৌনতা স্বাভাৱিক। কিন্তু এওঁলোকৰ মূল উদ্দেশ্যই হ’ল যৌনতা। যৌনতাৰ ক্ষুধা শেষ হ’লেই এওঁলোকে সম্পৰ্কৰ প্ৰতি অনিহা প্ৰকাশ কৰে। সম্পৰ্ক ভাঙি পেলাবলৈও অলপো কুণ্ঠাবোধ নকৰে।

Leave A Reply