Breaking

ঘূৰ্ণীবতাহৰ ধুমুহা ‘মিধিলি’ৰ প্ৰভাৱ! আজি অসমতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…

0 111

ঘূৰ্ণীবতাহৰ ধুমুহাৰ প্ৰভাৱৰ বাবে আজি অৰ্থাৎ শনিবাৰে অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ওড়িশাকে ধৰি দেশৰ বহু ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে।আজি পুৱা দেশৰ ৰাজধানী দিল্লীত দেখা গ’ল কুঁৱলী।

স্কাইৱেদাৰৰ তথ্য অনুসৰি অহা ২৪ ঘন্টাত ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও অসম, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত ধাৰাসাৰ বৰষুণ হ’ব। ইয়াৰ বাহিৰেও ওড়িশা আৰু পশ্চিম বংগৰ কিছু উপকূলীয় স্থান যেনে সাতপাৰা, পুৰী, জগতসিং, কেন্দ্ৰপাৰা, নন্দিগ্ৰাম আৰু দক্ষিণ ২৪ পৰগনাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আদি অঞ্চলত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা আছে। আজি ইউ পিৰ সৰ্বোচ্চ উষ্ণতা ২৯ ডিগ্ৰী আৰু সৰ্বনিম্ন ১৭ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply