Breaking

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লক ডাউনৰ প্ৰভাৱ : নিমাওমাও হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা

0 1,421

কথাতে কয় নহয়” একালৰ বৃন্দাবন একালত পৰে ছন-“–সেয়াই যেন হৈ পৰিছে এতিয়া তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ বাবে। দৰঙ্গামেলা হ’ল তামুলপুৰ মহকুমাৰ ভাৰত -ভূটান সীমান্তৰ এসময়ৰ ব্যৱসায়, বাণিজ্যত সদা ব্যস্ত  এখন ঠাই। ভাৰতৰ চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ সতে এসময়ত ব্যৱসায়ৰ বাবে আছিল অবাধ অহা যোৱা। ফলত সীমান্তৱৰ্তী ঠাইখন হৈ পৰিছিল ব্যৱসায় -বাণিজ্যৰ এক প্ৰাণ কেন্দ্ৰ। কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলটোত পৰিল চুবুৰীয়া ৰাষ্ট্ৰৰ লকডাউনৰ ব্যাপক প্ৰভাৱ। ২০২০ চনৰ পৰা কৰণা অতিমাৰীৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ সকলো প্ৰৱেশ পথ বন্ধ কৰাত ব্যাপক প্ৰভাৱ পৰিল স্থানীয় লোকৰ ওপৰত, ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিলে ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত । বন্ধ হৈ পৰিল প্ৰায় সকলো সৰু বৰ  ব্যৱসায়িক প্ৰতিষ্ঠান। এইখিনিতে উল্লেখ্য যে ভাৰত- ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ নিৰ্ভৰ কৰে ভূটান ৰাষ্ট্ৰৰ নাগৰিক সকলৰ ওপৰত। ২০২০ চনৰ মাৰ্চ মাহৰ পৰা কৰণা অতিমাৰীৰ বাবে ভূটান ৰাষ্ট্ৰৰ প্ৰবেশ পথ সমূহ বন্ধ কৰা হয় আনিৰ্দিষ্ট কালৰ বাবে। ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰাৰ লগে লগে ভাৰত- ভূটান সীমান্তৰ  দৰঙ্গামেলাত ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় । ভূটানী লোক সকল ভাৰতত প্ৰবেশ কৰিব নোৱাৰাত  ভূটানী লোক সকলৰ ওপৰত ব্যৱসায় বাণিজ্য চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ প্ৰায় বন্ধ হৈ পৰে। লক ডাউনৰ সময়ছোৱাত প্ৰায় দুৱছৰ ধৰি ভূটানী লোক সকলে ভাৰতত প্ৰবেশ কৰিব নোৱাৰাত পূৰ্বত্তৰ ভূটানৰ চামদ্ৰুপ জংখাৰৰ গাতে লাগি থকা দৰঙ্গামেলা অঞ্চলৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান, সৰু বৰ দোকান পোহাৰ বন্ধ হৈ পৰিছে। এই দোকান সমূহত কাম কৰা শ্ৰমিক সকল কৰ্মহীন হৈ পৰা দেখা গৈছে। খাদ্য-বস্ত্ৰৰ অভাৱত বহু শ্ৰমিকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে। আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ সোণালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজৰ পিতৃ- মাতৃৰ লগত কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন কৰিছে। এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে  ভাৰত ভূটান সীমান্তৰ লোক সকল। অঞ্চলটো পৰিদৰ্শন কৰি জানিব পৰা মতে ইতিমধ্যে হতাশ হৈ কেইবাজনো লোকে আত্মহত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে অঞ্চলটোত। ভূটান সীমান্তৰ বৃহত্তৰ দৰঙ্গামেলা অঞ্চলৰ শশীপুৰ, এন কে দৰঙ্গা, দৰঙ্গামেলা, পাটকীজুলি, হৰতোলা, পাহাৰপুৰ, খৈৰানী, চেচাপানী, কুমাৰীকাট, পানীটেংকী, বগাজুলি, নাগাপুৰ আদি অঞ্চলৰ শ শ শ্ৰমিকে ভূটান ৰাষ্ট্ৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰিছিল যদিও ভূটানৰ প্ৰবেশ দ্বাৰ বন্ধ হৈ পৰাত দৈনিক মজুৰি কৰি পৰিয়াল পোহপাল দিয়া শ্ৰমিক পৰিয়াল সকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। কেতিয়া খুলিব ভূটানৰ প্ৰবেশ দ্বাৰ , তাকে লৈ এতিয়া চিন্তিত ভাৰত- ভূটান সীমান্তবাসী ৰাইজ। ####

Leave A Reply