Breaking

মাজুলী নতুন কমলাবাৰী সত্ৰ পৰিচালনা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

0 2,667

ঐতিহাসিক শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিত মহন্তৰ সভাপতিত্বত সত্ৰ পৰিচালনা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়  ৷ উক্ত সভাত সৰ্বসন্মতি ক্ৰমে সত্ৰ কেন্দ্ৰীক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সভাত লোৱা সিদ্ধান্ত অনুসৰি সত্ৰৰ সাংস্কৃতিক উন্নয়ন তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ সকলো দিশ পৰ্যবেক্ষণ কৰিবৰ বাবে জনাৰ্দন ভূঞাক সভাপতি আৰু দেৱেন চন্দ্ৰ ভূঞাক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক উপ-সমিতি সৰ্বসন্মতি ক্ৰমে গঠন কৰা হয় ৷ সভাই  কমলাবাৰী তিনিআলিত সত্ৰলৈ সোমাই অহা প্ৰৱেশ পথত এখনি ড° নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৰ স্মৃতিত তোৰণ নিৰ্মাণৰ সিদ্ধান্তত সহমতত উপনীত হয় ৷ আন এক সিদ্ধান্ত মৰ্মে সত্ৰলৈ কোনো তীৰ্থযাত্ৰী তথা অন্য ধৰ্মানুৰাগীয়ে দান-বৰঙণি আগবঢ়ালে উক্ত সামগ্ৰী বা পূঁজি সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰিব লাগে বুলি সভাই সহমত প্ৰকাশ কৰে ৷ ইয়াৰ উপৰিও সত্ৰৰ চৌহদত ৰাতি দহ বজাৰ পিছত কোনো অচিনাক্ত লোক প্ৰৱেশ কৰিব নোৱাৰিব লগতে মদ্যপান কৰা লোকৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 

Leave A Reply