Breaking

মন্ত্ৰী অজন্তা নেওগৰ গুৰুত্বপূৰ্ণ বৈঠক

0 1,264

আজি মন্ত্ৰী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগটোত বিভিন্ন কাম-কাজৰ বুজ লয় ।অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ’বলগীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱা পানী আৰু বিদ্যুৎ সংযোগৰ সুব্যৱস্থা বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁ‌চনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ তথা সাংসদ আৰু বিধায়কসকলক বিভাগীয় আঁ‌চনিসমূহৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে। লগতে, প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে কাৰ্য্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান।

তদুপৰি, অনাগত দিনত বিভাগটোক আৰু অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দিষ্ট ৰ’ডমেপ তৈয়াৰ কৰিবলৈ নিৰ্দেশ। নিষ্ঠা সহকাৰে দ্বায়িত্ব পালন কৰা কৰ্মচাৰীসকলক পুৰস্কাৰ আৰু দ্বায়িত্বত গাফিলতি কৰা কৰ্মচাৰীক উপযুক্ত শাস্তি বিহিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে আমি ৰাইজলৈ সেৱা আগবঢ়োৱাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়।

আজিৰ বৈঠকত সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী বিভাষ কুমাৰ মোদী, মুখ্য সচিব শ্ৰী মুকেশ চন্দ্ৰ চাহু, কমিশ্বনাৰ অব্ ডিজেবিলিটিছ শ্ৰী দেৱেশ্বৰ বৰা, বিভাগীয় সচিব শ্ৰী পাৰ্থ প্ৰতিম মজুমদাৰৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।

Leave A Reply