Breaking

নলবাৰীত গুণোতৎসৱ-২০২৩ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা সম্পন্ন

0 94

আজি পুৱা ১১.০০ বজাত নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত মুন গগৈৰ সঞ্চালনত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত ৰাজ্যৰ অন্যান্য জিলাৰ লগতে নলবাৰী জিলাতো বিদ্যালয়সমূহৰ শিক্ষাগত তথা আন্তঃগাঁথনিমূলক মান পৰীক্ষণৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগুন্তক গুণোতৎসৱ-২০২৩ সন্দৰ্ভত বিতং তথ্য সমৃদ্ধ এক বিশেষ  সভা অনুষ্ঠিত হৈ যায়।

জিলা প্ৰাথমিক বিষয়া সীমান্ত ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি উপস্থিত সকলোকে গুণোতৎসৱ অনুষ্ঠিত কৰাৰ প্ৰাথমিক উদ্দেশ্যে সংক্ষিপ্তভাৱে দাঙি ধৰে । নলবাৰী জিলাত তৃতীয় পৰ্য্যায়ত চলিত বৰ্ষৰ আগুন্তক ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ১৮ তাৰিখলৈ গুণোতৎসৱ-২০২৩ অনুষ্ঠিত হ’ব ।

১৫ তাৰিখে স্ব-মূল্যায়ন আৰু বাকী তিনিদিনত বহিমূল্যায়ন হ’ব ।এইবাৰ ১ম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰে  মূল্যায়ন কৰা হ’ব । নলবাৰী জিলাৰ মুঠ  ১১০৪ খন বিদ্যালয়ত গুণোতৎসৱ অনুষ্ঠিত হ’ব । ইয়াৰে ভিতৰত ৮১৪ খন প্ৰাথমিক বিদ্যালয়, ১২৯ খন উচ্চ-প্ৰাথমিক আৰু ১৬১ খন হাইস্কুল সামৰি লোৱা হৈছে ।

নলবাৰী জিলাৰ এইবাৰৰ গুণোতৎসৱত বহিমূল্যায়নৰ বাবে মুঠ ৪৪০ গৰাকী বহি বহিমূল্যায়ক নিয়োজিত হ’ব । আজিৰ এই সভাখনত নলবাৰী ডায়েটৰ প্ৰৱক্তাদ্বয় ক্ৰমে ময়ুৰী মহন্ত আৰু ৰাকেশ নাথে এইবাৰৰ গুণোতৎসৱ সম্পৰ্কে জানিবলগীয়া সকলো তথ্য তথা প্ৰয়োজনীয় নীতি নিৰ্দেশনা ও নিয়মাৱলী পাৱাৰ পইণ্ট প্ৰেজেন্টেছনৰ যোগেদি  সুন্দৰভাৱে দাঙি ধৰে।

ইয়াৰ উপৰিও নলবাৰীত গুণোতৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ন’ডাল বিষয়াৰ দায়িত্বত থকা বিনীতা ৰাজবংশী আৰু আবেদুৰ ৰহমানেও গুণোতৎসৱৰ এক প্ৰাথমিক ধাৰণা চমুকৈ দাঙি ধৰে ।

জিলা প্ৰাথমিক বিষয়াই আগুন্তক গুণোতৎসৱ সফল ভাৱে সমাপন কৰাৰ বাবে জিলা প্ৰশাসনৰ সকলো সংশ্লিষ্ট বিষয়াৰে পূৰ্ণ সহযোগিতা কামনা কৰে । আজিৰ সভাত জিলা প্ৰশাসনৰ সকলো মুৰব্বী বিষয়া আৰু অন্যান্য সংশ্লিষ্টসকল উপস্থিত থাকে ।
-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply