Breaking

২৩ বছৰত বিদেশী চিনাক্ত ১লাখ ৩২ হাজাৰ। অসমত ডি ভোটাৰৰ সংখ্যা ৯৯,৯৪২…

0 45

বৰ্তমান ৰাজ্যখনত ৯৯,৯৪৭ গৰাকী ডি ভোটাৰ আছে। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত বিধানসভাত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে তেওঁৰ কাৰ্যকালত ১৬,১১২ টা ডি ভোটাৰৰ গোচৰ নিস্পত্তি কৰাৰ বিপৰীতে ৯৬,৪৫৭ টা গোচৰ নিস্পত্তি হবলৈ বাকী আছে। আনহাতে বিদেশী ন্যায়াধীকৰণে মুঠ ১৬,৭৫১ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰে। আনহাতে ন্যায়াধীকৰণে ১৯২ গৰাকীক অভিযুক্ত বিদেশী হিচাপে চিনাক্ত কৰে।

চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ডিটেনচন কেম্পত ১৫৪ গৰাকী পুৰুষ আৰু ৭০ গৰাকী মহিলাসহ মুঠ ২২৪ গৰাকী বিদেশী নাগৰিকক ৰখা হৈছে বুলি ডঃ শৰ্মাই সদনত অবগত কৰে। একেদৰে গোৱালপাৰাৰ ট্ৰেনজিত কেম্পটো চলিত বৰ্ষৰ ২৭ জানুৱাৰীত মুকলি কৰা বুলি ডঃ শৰ্মাই উল্লেখ কৰি কেম্পটোৰ নিৰ্মান ব্যয় ৩৫ লাখ ৪৩ হাজাৰ ৭৫০ টকা বুলি জানিবলৈ দিয়ে। আনহাতে চলিত বৰ্ষত ৩,৫২২ গৰাকীক বিদেশী নাগৰিক বুলি চিনাক্ত কৰে বিদেশী ন্যায়াধীকৰণে। চিনাক্ত কৰা বিদেশী নাগৰিকৰ ৩৫ গৰাকীক বহিস্কাৰ কৰা হয়। উল্লেখ্য যে বিদেশী ন্যায়াধীকৰণে ২০০১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ সময়চোৱাত মুঠ ১ লাখ ৩১ হাজাৰ ৬৪৯ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰাৰ বিপৰীতে চৰকাৰে ৩,১০০ গৰাকী বিদেশী নাগৰিকক বহিস্কাৰ কৰিবলৈ সক্ষম হয়। একেদৰে এই সময়ছোৱাত ৮,৯০৬ গৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনত অবগত কৰে।

Leave A Reply