Breaking

গোৱাত দেখা গ’ল ঋষি চুনাকৰ পত্নী অক্ষতাৰ সৈতে পিতৃ-মাতৃ নাৰায়ণ মূৰ্তি-সুধা

0 66

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ পত্নী অক্ষতা মূৰ্তি আৰু তেওঁৰ পিতৃ-মাতৃ – ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু লেখিকা সুধা মূৰ্তিক শেহতীয়াকৈ গোৱাত বহুতে দেখিবলৈ পাইছে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে তেওঁলোকৰ গোৱা ভ্ৰমণৰ ছবি ভাইৰেল হৈপৰিছে। অক্ষতাক তেওঁৰ দুগৰাকী কন্যাৰ সৈতে দক্ষিণ গোৱাৰ বেনাউলিম সমুদ্ৰত দেখা পোৱা বুলি কোৱা হৈছে। উক্ত ঠাই খন গোৱাৰ ৰাজধানী পানাজীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত অৱস্থিত৷ স্থানীয়ভাৱে পেলে নামেৰে জনাজাত ফ্ৰান্সিছ ফাৰ্ণাণ্ডেজ নামৰ এগৰাকী মাছমৰীয়াই সংবাদ সংস্থাক কয় যে সোমবাৰে (১৩ ফেব্ৰুৱাৰী) তেওঁৰ ওচৰলৈ অহাৰ সময়তে তেওঁ তৎক্ষণাৎ ব্ৰিটেইনৰ ফাৰ্ষ্ট লেডী অক্ষতাক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। মাছমৰীয়া জনে কয় ” অক্ষতাই মোক সুধিছিল, গোৱাত জলক্ৰীড়া কৰাটো সুৰক্ষিত নে?, মই কৈছিল যে ১০০ শতাংশই সুৰক্ষিত”।


উল্লেখ্য অক্ষতাৰ মাতৃ সুধা মূৰ্তি এক এগৰাকী লেখিকা, সমাজসেৱিকআ আৰু অলাভজনক ইনফোচিছ ফাউণ্ডেচনৰ অধ্যক্ষ। মাছমৰীয়া পেলেই আগতেও দক্ষিণ গোৱা সাগৰত ক্ৰিকেট কিংবদন্তী শচীন তেণ্ডুলকাৰক আতিথ্য দিছিল। ব্ৰিটেইনৰ প্ৰথম ভাৰতীয় বংশোদ্ভূত প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ ভাৰতৰ প্ৰতি যথেষ্ট টান আছে। চুনাকে অক্ষতা মূৰ্তিক ২০০৯ চনত বাংগালোৰত বিবাহ কৰোৱাইছিল । চুনাকে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এমবিএ পঢ়ি থকাৰ সময়তে অক্ষতাক লগ পাইছিল। তেতিয়াৰে পৰাই তেওঁলোকৰ মাজত প্ৰেমৰ আদান-প্ৰদান হৈছিল। বৰ্তমান তেওঁলোকৰ দুগৰাকী কন্যা অনুষ্কা আৰু কৃষ্ণা আছে।

Leave A Reply