Breaking

আন্তঃস্কুল ফুটবলত চামতা উচ্চতৰ মাধ্যমিক আৰু ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন

0 103

টিহু, চামতা, নলবাৰী আৰু ধমধমা এই চাৰিটা মণ্ডল ভিত্তিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত অনুষ্ঠিত হোৱা আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱা দলৰ মাজত শনিবাৰে পুৱা ৯ বজাত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত চুড়ান্ত খেল অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে চুড়ান্ত খেলসমূহ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও খেলপথাৰখন খেলৰ উপযোগী হৈ নথকাত খেলৰ স্থান সলনি কৰিব লগা হয়।

১৪ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নতুন দেহৰ মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খুকুণ্ডিক ২-১গলত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি আগন্তুক পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰে।

চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে খেলৰ ২২ মিনিটত পাৰভেজ আলমে ১টা গল দি দলক অগ্ৰগতি দিয়ে যদিও ৪০ মিনিটত নতুন দেহৰ মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিজুল ৰহমানে ১টা গল দি সমতা স্থাপন কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ ৪৯ মিনিটত পুনৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলুৱৈ শশাংক তালুকদাৰে ১টা গল দি দলটোক বিজয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰে।

আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ক’ৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-১ লগৰ ব্যাৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মানেৰে আগন্তুক দেউকন ট্ৰফী খেলিবলৈ যোগ্যতা অৰ্জন কৰে।

খেল পৰিচালনা কৰে ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী গৌতম কলিতা, শাৰিৰীক শিক্ষা নিৰ্দেশক সঞ্জীৱ মিশ্ৰ, বিপুল কুমাৰ সাউদ, নৱ বৰ্মন আৰু ৰাজীৱ শৰ্মাই।

নলবাৰী জিলা ক্ৰীড়া বিষয়া লুট্ৰুৰাজ বসুমতাৰীৰ উপস্থিতিত চুড়ান্ত খেল উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে।

অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী জীতেন হুজুৰী, অসম ভলীবল সন্হাৰ সহঃ সম্পাদক দীপক কুমাৰ দাস, বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ প্ৰধান শিক্ষক দেৱানন্দ বৰ্মন, নলবাৰী ক্ৰীড়া সন্হাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামী, ভলীবল সম্পাদক দেৱজিৎ ডেকা আৰু জিলাৰ শাৰিৰীক শিক্ষা নিৰ্দেশকসকল।

Leave A Reply