Breaking

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে…

0 38

লাহৰিঘাটত চাৰি মাহ ধৰি বেৰ বিহীন টিনৰ চালিৰ তলত তিৰপালত বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। মৰিগাঁও জিলাৰ লাহৰিঘাটত শিক্ষা খণ্ডৰ অন্তৰ্গত শ্বহীদ মোজাম্মিল হক বালক প্ৰাথমিক বিদ্যালয় প্ৰায় ছয় মাহ আগতে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খন হাতীলৰুৱা পথাৰত নিৰ্মান কৰি পাঠ দিবলৈ লাহৰিঘাট শিক্ষা বিষয়াই নিৰ্দেশ দিয়ে। কিন্তু চাৰি মাহেও বিদ্যালয়ৰ আচবাব যোগান ধৰিব নোৱাৰিলে লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই। যাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে তিৰপালত বহী শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

চাওক এই দৃশ্য এই দৃশ্য হৈছে লাহৰিঘাট শিক্ষা খণ্ডৰ হলৌকান্ধাৰ শ্বহীদ মোজাম্মীল হক বালক প্ৰাথমিক বিদ্যালয়ৰ। উল্লেখযোগ্য যে বিদ্যালয়খন ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাত বিদ্যালয়খনৰ ডেক্স-বেঞ্চ অঞ্চলখনৰে আঃ মজিদৰ ঘৰত জমা থয়।পৰৱৰ্তী পৰ্যায়ত বিদ্যালয় পৰিচালনা সমিতিয়ে ডেক্স বেঞ্চ বিচাৰতে পুনৰ বিদ্যালয় খন মথাউৰিত নিৰ্মাণ হ’ব লাগে বুলি দুই তিনি জন অভিভাৱকে দাবী জনায়।

এতিয়া প্ৰশ্ন হয় লাহৰিঘাট শিক্ষা খণ্ডৰ খণ্ড বিষয়াই হাতীলৰুৱা পথাৰত দুই তিনি বাৰ পৰ্যবেক্ষণ কৰি নিৰ্দেশ দিয়াত চাৰি মাহ ধৰি বিদ্যালয়ত পাঠদান চলাই থকাৰ পিছতো কিয় মৰিগাঁও জিলাৰ বিদ্যালয় পৰিদৰ্শকে নিজে পৰ্যাবেক্ষন নকৰি ভঙা মথাউৰিত বিদ্যালয়ৰ নিৰ্মানৰ অস্থায়ী নিৰ্দেশ প্ৰধান কৰে। ইয়াকে লৈ এতিয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।শিক্ষা বিভাগৰ দুই বিষয়াৰ টনা আজৰাৰ ফল এতিয়া ভোক কৰিব লগা হৈছে অঞ্চলটোৰ এইসকল সকল ছাত্ৰ-ছাত্ৰীয়ে।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply