Breaking

ওদালগুৰিত জিলাত ১৮বছৰৰ পৰা ৪৪বছৰলৈ ৬টা কেন্দ্ৰত কভিড ১৯ৰ টিকাকৰণ প্ৰদান

0 2,029

ক’ভিড ১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি  ৬ মেৰ পৰা ওদালগুৰি জিলাত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ ৰাইজক কভিড১৯ৰ বিষয়ে সজাগ কৰিবলৈ আৰম্ভ কৰিছে।গৃহত আছুতীয়াকৰণত থকা ৰোগীসকলে কেনেধৰণৰ  নীতি-নিয়ম মানি চলিব লাগে সেইবিষয়েও ৰাইজক সজাগ কৰাৰ চেষ্টা কৰিছে। এই সজাগতা অভিযানৰ জৰিয়তে ৰাইজক টীকাকৰণৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ জড়িয়তে প্ৰয়োজন অনুসৰি কোভিড পৰীক্ষা কৰা, মাস্কৰ ব্যবহাৰ, সামাজিক দূৰত্ব আদিৰ  ক্ষেত্ৰতো সজাগ কৰাৰ প্ৰয়াস কৰা হব।আনহাতে ওদালগুৰি জিলাত ৭মেৰ  পৰা ১৮  ৰ পৰা ৪৪ বয়সৰ ব্যক্তিসকলক টীকাকৰণ আৰম্ভ  কৰা হৈছে ৷  জিলাখনৰ বালিচিঠা প্ৰাথমিক বিদ্যালয়, ওৰাং প্ৰাথমিক বিদ্যালয়, টংলা নগৰীয়া স্বাস্থ্য কেন্দ্ৰ, উত্তৰ ডিমাকুছি প্ৰাথমিক বিদ্যালয়, উত্তৰ ওদালগুৰি প্ৰাথমিক বিদ্যালয়, ধনশ্ৰীঘাট শ্বহীদ স্মৃতি সংঘ আৰু পুথিভঁৰাল এই কেন্দ্ৰ সমূহত টীকাকৰণৰ অভিযান কাৰ্য্যসুচী সুচাৰুৰূপে অনুষ্ঠিত হৈ যায় ।ওদালগুৰি জিলাখনত দিনক দিনে ক’ৰণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলা স্বাস্হ্য বিভাগে এই পদক্ষেপ গ্ৰহন কৰিছে।ইপিনে আজি  বিটিএডিৰ কাৰ্য্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীয়ে  ওৰাং প্ৰাথমিক বিদ্যালয়ৰ কভিড ১৯  ভেকচিন কেন্দ্ৰটো পৰিদৰ্শন কৰে ৷

Leave A Reply