Breaking

নাজিৰা মহকুমাৰ ৭ টা কুৱাৰেণ্টাইন চেণ্টাৰত ২৯৯জনক ৰখাৰ বাবে সাজু মহকুমা প্ৰশাসনৰ

0 103

নাজিৰা 

ক’ভিড-১৯ ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে বহিঃৰাজ্যত থকা কৰ্মৰত হাজাৰ হাজাৰ লোক ইতিমধ্যে অসমত আহি উপস্থিত হৈছেহি আৰু শিৱসাগৰ জিলাখনৰ মুঠ ১০১৫ জন লোক বৃহস্পতিবাৰে সন্ধিয়া ৰাজধানী এক্সপ্ৰেছ যোগে দিল্লীৰ পৰা ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত এগৰাকী দণ্ডাধীশৰ নেতৃত্বত ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ অনা হয়। এইসকলৰ শিৱসাগৰ জিলা খনত ১৮ টা কুৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু চেণ্টাৰসমূহত ১০১৫খন বিছনা সাজু কৰি তোলা হৈছে৷ ইয়াৰে সৰ্বাধিক নাজিৰা বিধান সভা সমষ্টিত ৭ টা কুৱাৰেণ্টাইন চেণ্টাৰত ২৯৯ জন লোকক ৰখাৰ ব্যৱস্থা কৰিছে নাজিৰা মহকুমা প্ৰশাসনে৷ নাজিৰা মহকুমাটোৰ গড়গাঁও মহাবিদ্যালয়ৰ অস্থায়ী কুৱাৰেণ্টাইন চেণ্টাৰত সৰ্বাধিক ১০০ জন লোকৰ বাবে, নাজিৰা চকীমুখস্থ জৱাহৰ নৱোদয় বিদ্যালয়ৰ চেণ্টাৰত ৬৪ জন, নাজিৰা মহাবিদ্যালয়ৰ চেণ্টাৰত ৩০ জন, নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চেণ্টাৰত ৪০ জন, শ্ৰী শ্ৰী গোবৰৰ্ধনধাৰী গো-শালা চেণ্টাৰত ১৫ জন, গেলেকী মহাবিদ্যালয়ৰ চেণ্টাৰত ৩০ জন, গেলেকী ত্ৰিবেণী হাইস্কুল চেণ্টাৰত ২০ জনকে ধৰি নাজিৰা মহকুমাৰ ৭ টা কুৱাৰেণ্টাইন চেণ্টাৰত ২৯৯ জন বহিঃৰাজ্যত কৰ্মৰত থকা আৰু ইতিমধ্যে গৃহাভিমুখে অহা লোকক কুৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে যোৱা নিশা গড়গাঁও মহাবিদ্যালয় কুৱাৰেণ্টাইন চেণ্টাৰত এজনক ৰখা হৈছে। উল্লেখযোগ্য যে থাওৰা বিধান সভা সমষ্টিৰ ডিমৌ আই টি আই কুৱাৰেণ্টাইন চেণ্টাৰত ৭৬ জন, বকতা নেমুগুৰী চেণ্টাৰত ৪০ জন, দেওপানী হাইস্কুল চেণ্টাৰত ৪০ জন লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে। আমগুৰি বিধান সভা সমষ্টিৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ চেণ্টাৰত ১৫ জন, হেমচন্দ্ৰ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চেণ্টাৰত ৫০ জন আৰু আমগুৰি মহাবিদ্যালয়ৰ চেণ্টাৰত ৭০ জন লোকক কুৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেনেকৈ শিৱসাগৰ বিধান সভা সমষ্টিৰ আৰৱান মডেল হস্পিটেল কুৱাৰেণ্টাইন চেণ্টাৰত ৪০ জন, এছ আই আৰ ডিত ২৫ জন, আৰ জি পেট্ৰলিয়াম ইনষ্টিটিউট চেণ্টাৰত ১০ জন, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ চেণ্টাৰত ১০০ জন, পিয়লি ফুকন ইনড’ৰ ষ্টেডিয়াম চেণ্টাৰত ৫০ জন লোকক কুৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। উল্লেখযোগ্য যে বহিঃৰাজ্যত কৰ্মৰত এইসকল লোকক কুৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসক, স্বাস্থ্য কৰ্মচাৰীসকলৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতহে সঠিক সিদ্ধান্ত লোৱা হ’ব তেওঁলোকক  কুৱাৰেণ্টাইন চেণ্টাৰত ৰখা হ’বনে অথবা নিজ গৃহলৈ পঠাই হোম কুৱাৰেণ্টাইন কৰি ৰখা হ’ব ৷

Leave A Reply