Breaking

তামুলপুৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ইউজি ব্ৰহ্ম…

0 66

তামুলপুৰত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ইউজি ব্ৰহ্ম।

অসম চৰকাৰৰ ১০০ খন কেবিনেটত ১২০০ তকৈও অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তামুলপুৰৰ লগতে আন তিনিখন জিলাক পুনৰ জিলা ঘোষণা৷

সমষ্টি পুনৰনিৰ্ধাৰণৰ লগতে প্ৰশাসনীয় কিছু নীতি নিৰ্দেশনাৰ বাবে তামুলপুৰ জিলাৰ বিলুপ্তি ঘটাই পূৰ্বৰ বাক্সা জিলাৰ লগত সংলগ্ন কৰা হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে পুনৰ তামুলপুৰ জিলাখন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

তামুলপুৰ জিলাত এতিয়া দুটা বিধানসভা সমষ্টি অন্তৰ্ভূক্তিৰে গঠন হোৱাৰ লগতে তামুলপুৰ জিলাৰ পৰিসৰ বহল কৰিলে।

তামুলপুৰ জিলা এখন ব্যৱসায়িক অভিকেন্দ্ৰ। জিলা ঘোষণা হোৱাৰ পিছত তামুলপুৰ খন অৰ্থনৈতিক ভাৱে যথেষ্ট আগবাঢ়ি যাব।

পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে তামুলপুৰত সকলো বিভাগীয় কাৰ্যালয় স্থাপন কৰা হ’ব।

তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীলৈ তামুলপুৰৰ ৰাইজৰহৈ কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী ব্ৰহ্মৰ ৷

Leave A Reply