Breaking

খৰাং বতৰত খেতিপথাৰত চিৰাঁলফাট পৰিস্থিতিত হাহাকাৰ ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান গ্ৰামাঞ্চল বৰবৰুৱা

0 1,849

ডিব্ৰুগড় জিলাৰ কৃষিপ্ৰধান অঞ্চলবোৰত খৰাং সদৃশ পৰিস্থিতিৰ বাবে গ্ৰামাঞ্চলৰ কৃষকে শালিধানৰ খেতি কৰিৱ নোৱৰা সমস্যাই কৃষকৰ মাজত হাহাকাৰ হৈ পৰিছে।ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ কোটোহা ‘বগীবিল  ‘লেজাই -কলাখোৱা ‘ খনিকৰ ‘বকপৰা ‘ চেচা ‘জকাই ‘ লেকাই ‘ ডুলীয়া কাকতি লেপেটকটা ‘ চিৰিংডাইনী ‘মানকটা ‘জামিৰা ‘ৰজা্ভেটা ‘আদি কৃষিপ্ৰধান অঞ্চলৰ খৰাং বতৰৰ কৱলত পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া পথাৰত ৰোপন কৰিৱ পৰা নাই।বৰষুণৰ অভাৱত আৰু খৰাং বতৰৰ বাবেই এই অঞ্চলৰ খেতিপথাৰ হাজাৰ হাজাৰ বিঘা মাটি চিৰাল ফাট মেলি শুকান মৰুভূমি সদৃশ হৈ পৰাত খেতিয়ক সকলে মূৰে কপালে হাত দিছে। আনহাতে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহচক্ৰ আৰু পূৱ ৰাজহচক্ৰৰ বিস্তৃত খেতিপথাৰ খৰাঙৰ কৱলত পৰাত খেতিয়ক সকলে হাহাকাৰ কৰিছে।মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ চহৰীকটা ‘তেপৰ গুৰি ‘নিগম চৰাই হাবি কলৌলোৱা ‘বুঢ়ীখোৱাং ‘ তিনঠেঙীয়া চেৰেপাখাটী ‘বেতনি ‘দলনি কুৰ ‘গেৰগেৰী ‘ খলিহামাৰীকে ধৰি বহু কৃষিপ্ৰধান অঞ্চল খৰাং বতৰৰ কৱল পৰি বৰষুণৰ অভাৱত শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ পৰা নাই।সেই দৰে ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ মদাৰখাট ‘ফুটাহলা ‘চিৰিং হোলা ডঙ্গৰ পথাৰ’ তেলপানী আদি বৃহত্তৰ খেতিপথাৰ অঞ্চল বৰ্তমান খৰাং বতৰৰ কৱলত পৰি খেতি কৰিৱ পৰা নাই।বহাগৰ মাহৰ পৰা বৰ্তমানৰ শাওণ মাহ পৰ্যন্ত বৰষুণৰ অভাৱত খৰাং বতৰৰ অবাঞ্চিত প্ৰাকৃতিক দুৰ্যোগে এই কৃষিপ্ৰধান অঞ্চলত খেতিয়কে শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ কৰিৱ নোৱৰা হৈছে। উল্লেখ যোগ্য বিষয় যে জলসিঞ্চনৰ নথকাৰ কাৰণে এই অঞ্চলৰ খেতিয়কে  কৃষিকাৰ্য সম্পাদন কৰিৱ পৰা নাই বুলি খেতিয়ক সকলে জানিৱলৈ দিছে ।কোটোহাৰ বলাইত জলসিঞ্চন আচঁনি স্থাপন হৈছিল যদিও খেতিপথাৰলৈ পানী বোৱাই নিৱ পৰা সুযোগ নাপালে বৃহত্তৰ বলাই বাসীয়ে।কোটোহা নাওজানৰ জলসিঞ্চন আচঁনি খনো ভালুকৰ সাঙিত পৰিণত।আজোকোপতি কোটোহা নাওজানৰ জলসিঞ্চন আচঁনি খন বিকল অৱস্থাতেই বিদ্যমান ।সেইদৰে খোৱাং চমুৱা গাওঁ ‘ কলৌলোৱা গাৱঁৰ জলসিঞ্চন আচঁনিখন খনৰ পৰা কৃষকে কোনোধৰণে উপকৃত হোৱা নাই বুলি জানিবলৈ দিছে।অন্য হাতে ডিব্ৰুগড় জিলাৰ লৰুৱা ‘জামিৰা ‘মানকটাকে ধৰি বহু খেতি প্ৰধান অঞ্চলত আজিকোপতি জলসিঞ্চন আচঁনি স্থাপন নোহোৱাত খৰাং বতৰৰ বাবে খেতিয়কে সকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিৱ লগীয়া হয় যদিও বৰষুণ নোহোৱাৰ ফলত খেতিয়ক সকলে ধান খেতিৰ ৰোপনৰ সময়ত হাহাকাৰ পৰিস্থিতিৰ সম্মুখীন হব লগা হৈছে বুলি খেতিয়ক সকলে দুখেৰে প্ৰকাশ কৰিছে ।বৰ্তমানৰ শাওন মাহ পৰ্যন্ত বৰষুণ নোহোৱাৰ ফলত খৰাং বতৰৰ কৱলত পৰি শালিধানৰ খেতি কৰিৱ নোৱৰাত কৃষক সকলৰ মাজত গভীৰ উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।ডিব্ৰুগড় জিলা উপায়ুক্তই খৰাং বতৰৰ কৱলত পৰি শালিধানৰ খেতিৰ কঠীয়া ৰোপন কৰিৱ নোৱাৰা দুৰ্ভগীয়া কৃষকৰ স্বাৰ্থত গুৰুত্ব দি কৃত্ৰিম জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহন কৰিবনে বুলি কৃষকৰ প্ৰশ্ন ।

Leave A Reply