Breaking

মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিকিয়ে এৰিলে কেটক!

0 45,128

কিছুদিনৰ আগতে বলীউদ তাৰকা বিকি কৌশল আৰু কেটৰিনাৰ কাইফে যুগ্ম জীৱনৰ পাতনি মেলিছিল ৷ ধুম-ধামেৰে আয়োজন কৰা এই বিয়াখনে সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ বিয়াৰ পাছত দুয়োজনে কটোৱা সুন্দৰ মুহুৰ্তবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ বিয়াৰ পাছত স্বামীৰ সৈতে বলীউড নায়িকা কেটৰিনা কাইফে প্ৰথমটো খ্ৰীষ্টমাছ আৰু নৱবৰ্ষও উদযাপন কৰিলে।

শ ব্যস্ততাৰ পিছতো নতুন বছৰক আদৰণি জনোৱাৰ বাবে কিছু সময় উলিয়াইছে নৱ দম্পতীয়ে। ২০২২ বৰ্ষটোও নতুনকৈ আৰম্ভ কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল বিকি-কেটৰ, কিন্তু সময়ে যেন সেইয়া সম্ভৱ কৰি নুতুলিলে তেওঁলোকক ৷ এতিয়া সকলো সামৰি তেওঁলোক পুনৰ কামলৈ ঘুৰি যোৱাৰ সময় আহি পৰিছে ৷ ইয়াকে লৈ এতিয়া মন সেমেকি উঠিছে কেটৰিনাৰ ৷ কিয়নো বিকিয়ে এতিয়া শ্বুটিংৰ বাবে মুম্বাইৰ বাহিৰলৈ যাব লগা হৈছে ৷ সেয়েহে দুয়োজন তাৰকাক শনিবাৰে মুম্বাই বিমান বন্দৰত দেখা গৈছিল ৷

কেটে বিকিক বিদায় জনাবলৈ বিমান বন্দৰলৈ আহিছিল আৰু তেওঁলোক একেখন গাড়ীতে আহিছিল ৷ কেটে বিকিক বিদায় জনোৱা সমগ্ৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোত কেটৰিনাই বিদায় পৰত বিকিক আলিংগন কৰিছে আৰু তেওঁলোকে ইজনে সিজনক যেন বান্ধোনৰ পৰা এৰিবই খোজা নাছিল। ভিডিঅ’টো সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে তেওঁলোকৰ অনুৰাগীসকলে নৱ দম্পতীৰ এনে গভীৰ প্ৰেমৰ প্ৰতি তেওঁলোক খুবেই আকৃষ্ট হৈছে।

Leave A Reply