Breaking

লাহৰীঘাটত ঈদ ঊল ফিতৰৰ প্ৰাগ মূহুর্তত  ৰং বিৰঙৰ পাপৰৰ  পিঠাই আকৰ্ষিত কৰিছে গ্ৰাহকক………

0 151

ইছলাম ধৰ্মীয় লোক তথা মুছলমান সকলৰ পবিত্র ৰমজান মাহে আৰু মাথো ৯ টা বা ১০ ৰোজাৰ পিছত  মিছিকীয়া হাঁহিৰে  পশ্চিম আকাশত ভুমুকি মাৰিব ঈদ ঊল ফিতৰৰ কাঁচি জোন। কিন্তু বাকি থকা ৰোজাৰ মাজতে মুছলমানলোক সকল ব্যস্ত হৈ পৰিছে বছৰৰ মূৰত অহা ঈদ পালনৰ বাবে, ধনী -দুখীয়া সকলোৱে আগন্তুক ঈদৰ বাবে পৰিয়ালৰ সকলো সদস্যৰ বাবে নতুন কাপোৰ কিনা, মছলা জাতীয় বয় বস্তু ক্ৰয় কৰাৰ লগতে আটাইতকৈ আকাঙ্খিত পছন্দিতা ঈদৰ দিনা ৰাতিপুৱাৰ মিঠামূখেৰে যাত্রা কৰা, সেয়া ছেৱৈ,আৰু পাপৰ জাতীয় পিঠা।

সম্প্রতি লাহৰীঘাট বজাৰৰ ডাঙৰ সৰু আনকি গলি গলিয়ে উপলব্ধ হৈছে ছেৱৈ, ১৫০ ৰো অধিক ডিজাইনৰ পাপৰ জাতীয় পিঠাৰ দোকান। লং, ইলাচী, কিচমিচ, ৰিফাইন তেল, নাৰীকল, তেজপাত, চেনীৰ পৰা আদি কৰি উপলব্ধ হৈছে ঈদৰ সকলো খাদ্য -সামগ্রী। সৃষ্টি হৈছে এক অপূর্ব সুন্দৰ পৰিৱেশ। ইচ্ছা নাথাকিলেও দোকানে দোকানে পৰিপাটিকৈ সজাই ৰখা এই সামগ্রীবোৰে বাৰুকৈ মুহিছে ৰোজদাৰী তথা গ্ৰাহকৰ মন। ঈদৰ বজাৰৰ কথাই বেলেগ। 

Leave A Reply