দিবাকৰ ৰেণুৰ ওপজা দিনত উত্তৰ পুৰুষৰ মঞ্চৰ চিত্ৰাংকন প্ৰতিযোগিতা সফলতাৰে সমাপ্ত, “দিবাকৰ আছিল এটা আদৰ্শৰ প্ৰতীক আৰু প্ৰেৰণাৰ স্ৰোত”- ড° দিব্যজ্যোতি মহন্ত…

‘আমাক হেজাৰখন হাত লাগে যাৰ মন এটাই’ মূলমন্ত্ৰৰে উদ্বুদ্ধ ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ প্ৰাণ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক, কবি, ঔপন্যাসিক, চিত্ৰশিল্পী, সাহিত্যিক, সমাজ সংগঠক, কৃতী শিক্ষক প্ৰয়াত দিবাকৰ ৰেণুৰ ১৫ অক্টোবৰ ওপজা দিনটোত মঞ্চৰ গুৱাহাটীৰ জাপৰিগোগস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মঞ্চৰ সভাপতি তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা কাউঞ্চিলৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কমিটিৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্তই দিবাকৰ ৰেণুৰ আলোকচিত্ৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভাপতি ড° অনিমা বৰা আৰু কাৰ্যকৰী সভাপতি তথা কোষাধ্যক্ষ সুৰেন্দ্ৰ মোহন দাসে, উপ-সভানেত্ৰী ববিতা বৈশ্য লহকৰ, সম্পাদক হৰেকৃষ্ণ হালৈয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে সদস্য নৱ ডেকা, শিখামণি দত্ত, সত্যজিত নাথ প্ৰমুখ্যে আৰু বহুতো।

একাঁজলি পুষ্পাঞ্জলি আৰু মাল্যৰ্পণেৰে অনুষ্ঠিত হোৱা স্মৃতি তৰ্পণ অনুষ্ঠানত থোকাথুকি মাতেৰে ড° দিব্যজ্যোতি মহন্তই দিবাকৰ ৰেণুৰ বৰ্ণময় জীৱনৰ ৰূপৰেখা অংকন কৰি সকলোৰে মাজত এক আৱেগ বিহ্বল পৰিৱেশৰ সূচনা কৰে। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে – ‘দিবাকৰ আছিল এটা আদৰ্শৰ প্ৰতীক আৰু প্ৰেৰণাৰ স্ৰোত। তেওঁৰ কৰ্মস্পৃহাই মঞ্চক গতিশীলতা প্ৰদান কৰাত যথেষ্ট বৰঙণি যোগাইছিল।’ প্ৰয়াত দিবাকৰ ৰেণুৰ কথা আৰু নীলাক্ষী নেওগে সুৰাৰোপিত কৰা উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতটো পৰিৱেশন কৰা অনুষ্ঠানত নৱ ডেকাই অটল বিহাৰী বাজপেয়ীৰ জনপ্ৰিয় কবিতা ‘কদম মিলাকৰ চলনা হোগা’ আবৃত্তি কৰি অনুষ্ঠানৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰাত অৰিহণা যোগায়।


প্ৰণিধানযোগ্য যে দেওবাৰে দিবাকৰ ৰেণুৰ ওপজা দিনটোত গুৱাহাটী, শিৱসাগৰ, ছিপাঝাৰ, আৰু কাৰ্বি আংলঙত এলানি চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় মঞ্চৰ বিভিন্ন জিলাত থকা সদস্যৰ উদ্যোগতে। ববিতা বৈশ্য লহকৰ আৰু হৰেকৃষ্ণ হালৈৰ নেতৃত্বত গুৱাহাটীৰ জাপৰিগোগস্থিত প্ৰগতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দিশীতা পাঠক, দ্বিতীয় স্থান দেৱজিত কলিতা আৰু তৃতীয় স্থান লাভ কৰে নিয়ৰ ভৰদ্বাজে। উল্লেখ থাকে যে, জ্যোতিষ্মান দাসক মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰাৰ লগতে বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় খাৱানিছ জে তনুজ কলিতাক।

Related Articles