Breaking

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত দুই কিলোগ্ৰাম ওজনৰ আলুৱে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰ…

0 9

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত দুই কিলোগ্ৰাম ওজনৰ আলুৱে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে
এটা বিশেষ আলুৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে আলু খেতি কৰা হয়৷ কিন্তু শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদ জিলাত এজন কৃষকৰ পথাৰত ওলোৱা এটা আলুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ সেই আলুটোৰ ওজন দুই কিলোগ্ৰাম৷ এনে এক বিশাল আকাৰৰ আলু দেখি খোদ আলু খেতিয়কজনো

আচৰিত হৈ পৰিছে৷এই আলুটো চাবলৈ এতিয়া কঋ.ক জনৰ ঘৰত বহুতে ভিৰ কৰিছে৷ জানিব পৰা মতে জিলাখনৰ জাহানগঞ্জ আৰক্ষী থানা অন্তৰ্গত পাটাউজা গাঁৱৰ এজন কৃষক মেৰাজ হুছেইনৰ পথাৰত উৎপাদন হৈছে এই বিশাল আকৃতিৰ আলুটো । এইবছৰ উত্তৰ প্ৰদেশত আলুৰ উৎপাদন বৰ ভাল হৈছে৷ উত্তৰ প্ৰদেশৰ সেই জিলা খনৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ আলু পঠিওৱা হয়৷ কিন্তু কেতিয়াও ইমান ডাঙৰ আলু উৎপাদন হোৱা নাছিল৷

কৃষকজনে প্ৰকাশ কৰা মতে তেওঁ বহু বছৰৰ পৰাই আলুৰ খেতি কৰি আহিছে, কিন্তু ইমান ডাঙৰ আলু প্ৰথমবাৰৰ বাবে উৎপাদন হৈছে৷ আলুটো কি কাৰণত ইমান ডাঙৰ হ’ল সেয়া কঋষি বিজ্ঞানীসকলেহে বাখ্যা কৰিব পাৰিব৷ ইয়াৰ আৰঁত কিবা জেনেটিক কাৰণো থাকিব পাৰে বুলি বহুতে মন্তব্য কৰিছে৷ অৱশ্যে সঠিক অধ্যয়নৰ পিছতহে কথাবোৰ স্পষ্ট হ’ব৷

Leave A Reply