Breaking

ভূৰাগাঁৱৰ সোণডোবা বিলত মীন আইন অমান্য কৰি মাছ নিধনত নামিছে দুষ্টচক্ৰ

0 1,039

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবা বিলত বিগত কিছুদিন ধৰি এটা দুষ্টচক্ৰই অসম চৰকাৰৰ মীন আইনক ভৰিৰে মোহাৰি দৈনিক কেইবাখনো ঢেকি জালেৰে কণিযুক্ত আৰু পোনা মাছৰ নিধনত নমা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে মীন আইন মতে ১এপ্ৰিলৰ পৰা ১৫ জুলাই লৈকে বিল,জলাশয় আদিত মাছ ধৰা নিষেধ। উল্লেখিত  সময়ছোৱা মাছৰ পোনাদিয়া আৰু বংশবৃদ্ধিৰ সময়। তেনে ক্ষেত্ৰত দৈনিক এনেদৰেই কেইবাখনো ঢেকি জালেৰে মীন আইনক ভৰিৰে মোহাৰি সোণডোবা বিলত কণিযুক্ত আৰু পোনা মাছ নিধন কৰা চক্ৰটোৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহব্বান জনাইছে অঞ্চলটোৰ ৰাইজে, প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

Leave A Reply