Breaking

চিৰাঙৰ বাসুগাঁওত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰ) গৃহ প্ৰৱেশ সমাৰোহৰ উদ্ঘাটন

0 1,566

শুকুৰবাৰে বাসুগাঁও পৌৰসভাৰ তত্বাৱধানত সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ প্ৰৱেশ অনুষ্ঠানৰ উদ্ঘাটন কৰে বিটিচিৰ নৱ মনোনীত পৰিষদীয় সদস্য তথা নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদা আৰু নৱ নিৰ্বাচিত পৰিষদীয় সদস্য সাইখং বসুমতাৰীয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত সৰ্বমুঠ দুই কৌটি গৃহ নিৰ্মাণৰ উদ্দেশ্যেৰে ২০১৫ চনত কেন্দ্ৰত উদ্ঘাটন হোৱা প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনি অসমত পাতনি মেলে ২০১৭ চনত আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাত দ্ৰুত গতিত আগবাঢ়ি যোৱা এই আচঁনিয়ে সামৰি লোৱা চিৰাঙৰ ৩ খন চহৰ বিজনী,বাসুগাঁও আৰু কাজলগাঁওৰ ভিতৰত এতিয়া লৈকে সৰ্বাধিক ২১৫ খন গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত বাসুগাঁও পৌৰসভাৰ কৰ্মকৰ্তাক বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাচদাই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰবৰ্তী পৰ্যায়ত বাসুগাঁও চহৰৰ সৰ্বাংগীন উন্নয়নৰ এক দৃঢ় পৰিকল্পনাৰ কথাও ব্যক্ত কৰে সদস্যগৰাকীয়ে।


     চিৰাং জিলাৰ নগৰ পৰিকল্পনাৰ সহকাৰী সঞ্চালক নিপজ্যোতি দাসৰ উপস্থিতিত বাসুগাঁও পৌৰসভাৰ কাৰ্যকৰ্তা সকলৰ দীৰ্ঘদিনীয়া অনিয়মীয়া দৰমহাৰ লগতে চাকৰি নিয়মীয়া কৰণকেন্দ্ৰীক এখন স্মাৰক পত্ৰ পৌৰসভাৰ জেষ্ঠ সহায়ক মনোজ মন্ডলে বিটিচিৰ নগৰ পৰিকল্পনা বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাচদাক আগবঢ়ায় আৰু উল্লেখনীয় ভাৱে সদস্য জনে বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে অনতিপলমে আলোচনাত বহিব বুলি আশ্বাস দিয়ে।

Leave A Reply