দুলীয়াজনৰ মধুবনস্থিত BCPL ত ঠিকা ভিত্তিক কৰ্মচাৰীৰ অনিৰ্দিষ্ট কালীন ধৰ্মঘট পালন

আজি পুৱাৰেপৰা দুলীয়াজনৰ মধুবনত থকা ব্ৰহ্মপুত্ৰ কেকাৰ পলিমাৰ লিমিটেড চমুকৈ (bcpl)ত কৰ্মৰত কৰ্মচাৰী সকলে তেওঁলোকৰ কেইবাটাও দাবী প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পূৰণ নকৰাৰ পৰিপেক্ষিত আজি পুৱাৰে পৰা অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে।

উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বে ঠিকা ভিত্তিক কৰ্মচাৰী সকলে প্ৰতিষ্ঠানটোৰ সৈতে এক শান্তিপূৰ্ণ আৰু সোঁহাদ্য মূলক ভাবে আলোচনাত মিলিত হৈছিল।

এই আলোচনাতে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা কৰ্মচাৰী সকলৰ ১/২/৩ নং দফা সমূহ ৰূপায়ণ কৰাৰ আশ্বাস দিছিল যদিও যথা সময়ত কাৰ্য্যকৰী নকৰাত আজি এনেদৰে কৰ্মচাৰী সকলে জিলাখনত বলৱত হৈ থকা ১৪৪ ধাৰা মাজতো অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্য্যসূচী লবলৈ বাধ্য হোৱাৰ কথা জানিবলৈ দিছে ।

Related Articles