Breaking

বিশ্বনাথ জিলা কংগ্রেছৰ উদ্যোগত স্বতন্ত্র সেনানী আৰু শ্বহীদ দিৱস পালন

0 1,637

ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫বছৰ উপলক্ষে আজি বিশ্বনাথ জিলা কংগ্রেছৰ উদ্যোগত স্বতন্ত্র সেনানী আৰু শ্বহীদ দিৱস পালন কৰা হয় । আজি  গহপুৰ,বিহালী আৰু বিশ্বনাথ সমষ্টি কংগ্রেছ কর্মীৰ সহযোগত বিহালীৰ ৰৌমাৰীত  মুক্তিযোদ্ধা গংগাৰাম বৰুৱাক সম্বর্ধনা জনোৱা হয় । ৯৮ বছৰীয়া বৰুৱাক সম্বর্ধনা অনুষ্ঠানৰ আঁত ধৰে জিলা সভাপতি দিলীপ বৰুৱাই । গংগাৰাম বৰুৱাৰ সম্বর্ধনা পত্র পাঠ কৰে বতীয়ামাৰী মণ্ডল কংগ্রেছৰ সভাপতি গোপাল ৰয়ে । এই অনুষ্ঠানত কংগ্রেছৰ ৰাজ্যিক সম্পাদক প্রেমলাল গণ্জু,জিলা উপসভাপতি নিত্য নার্জাৰী,ৰাজ্যিক সম্পাদক তথা বিশ্বনাথৰ তত্বাৱধায়ক ৰাণা বৰা,বিশ্বনাথ ব্লক কংগ্রেছৰ সভাপতি দ্বীপ দাস,জিলা সম্পাদক দেৱকান্ত খেৰোৱাৰ,জিলা মুখপাত্র তুষাৰ বৰা,জিলা সম্পাদক প্রৱন চৌধুৰী,ব্লক কংগ্রেছৰ সম্পাদক দিলীপ টেলেংগা,বিহালী ব্লক মহিলা কংগ্রেছৰ সভানেত্রী ববিতা হাজৰিকা দাস  সহ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্হিতিত গংগাৰাম বৰুৱাৰ লগতে তেওৰ সহধৰ্মিনীকো ফুলাম গামোছাৰে আদৰণি জনায় !অনুষ্ঠানত বৰুৱাই স্বাধীনতা আন্দোলনত তেওৰ অভিজ্ঞতা বর্ননা কৰি দেশত মংগলৰ বাবে কংগ্রেছ দল পুনৰ শাসনত আহিব লাগে বুলিও কয় !সম্প্রতি বিহালীত তেওৰ লগৰ এজনো সতীর্থ নাই বুলি উল্লেখ কৰিছে ।বক্তব্যত দিলীপ বৰুৱাই কয় যে যি সকল ব্যক্তিৰ ত্যগৰ বাবে আমি এখন স্বাধীন দেশৰ নাগৰিক হৈ আছোঁ”গতিকে তেখেত সকলক আমি সন্মান দিব লাগে সেই বাবে অসমত ১১৪ গৰাকী  মুক্তি যুঁজাৰুকে সম্বৰ্ধনা জনাব   বুলি উল্লেখ কৰে ।

Leave A Reply