Breaking

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল…

0 76

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল। ভূমিকম্পত আঘাতপ্ৰাপ্ত সকলৰ উদ্ধাৰৰ উদেশ্যৰে তুৰস্কলৈ ৰাওনা হয় NDRF বাহিনী। ভাৰতীয় বায়ুসেনাৰ C17 গ্ল’বমাষ্টাৰ বিমানখনে তুৰস্ক অভিমুখে ৰাওনা হৈ গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত দলটোক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভি মুৰালীধৰণে।


মিষ্টাৰ মুৰালীধৰণে কয় যে, কুকুৰৰ দলকে ধৰি দুটা উদ্ধাৰকাৰী দল আৰু দুটা চিকিৎসা দল প্ৰেৰণ কৰা হৈছে তুৰ্কীলৈ। ভাৰত তুৰ্কীৰ জনসাধাৰণক সমৰ্থন আগবঢ়াবলৈ সাজু। সমগ্ৰ বিশ্বৰ মানুহৰ সহায়ৰ বাবে ভাৰত সদায় আছে আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত মানৱীয় সাহায্য প্ৰদান কৰা আহিছে।

Leave A Reply