Breaking

চাহ বাগিছাত মানৱ শৰীৰত ক্ষতিকাৰক কীটনাশক দ্রব্য ব্যৱহাৰত জনগণৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ নিৰ্দেশ উদ্যোগ মন্ত্রী বিমল বড়াৰ

0 29

অসমৰ চাহ বাগিছা সমূহত বিশেষকৈ ক্ষুদ্র চাহ বাগিছা সমূহত মানৱ শৰীৰৰ ক্ষতি কৰিব পৰা কীটনাশক দ্ৰব্য যাতে ব্যৱহাৰ কৰা নহয় এই ক্ষেত্রত চাহ খেতিয়কসকলৰ লগতে জনগণৰ মাজত সজাগতা সৃষ্টিৰ পোষকতা কৰিছে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।


শুকুৰবাৰে বিধান সভাৰ মন্ত্ৰীৰ কাৰ্যালয় কক্ষত ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ প্ৰতিনিধি আৰু অসম চাহ সঞ্চালকালয়ৰ সঞ্চালকৰে এই সন্দৰ্ভত হোৱা এক বৈঠকৰ অন্তত উদ্যোগ মন্ত্ৰী বড়াই বিষয়া সকলক এই নির্দেশ দিয়ে।


উদ্যোগ মন্ত্ৰী বড়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত মন্ত্ৰী গৰাকীয়ে টোকলাইৰ চাহ গৱেষণা সংস্থা (টি আৰ এ)ৰ পৰা চাহ গছত ব্যৱহাৰ নিষিদ্ধ কীট নাশকৰ তালিকা সংগ্ৰহ কৰি জনগণৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কীট নাশক সমূহ যাতে চাহ খেতিয়কসকলে ব্যৱহাৰৰ পৰা বিৰত থাকে, তদুপৰি কীট নাশক বিক্ৰী কৰা বিপণি সমূহৰ সমুখতো এনে নিষিদ্ধ কীট নাশকৰ তালিকা আঁৰি যাতে চাহ খেতিত ইয়াৰ প্ৰয়োগ নহয় তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

এই ক্ষেত্ৰত চাহ বাগিছা অঞ্চলত জিলা প্ৰশাসনৰ সহযোগত জিলা উদ্যোগ কেন্দ্ৰৰ পৰিচালক আৰু ক্ষুদ্র চাহ খেতিয়ক সংস্থাক সজাগতা সভা আয়োজনৰ বাবেও মন্ত্রী বড়াই নির্দেশ প্রদান কৰে।


অসমৰ চাহৰ দুশ বছৰীয়া জয়ন্তী উপলক্ষে চাহ খেতিয়ক আৰু জনগণৰ মাজত কীট নাশক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্রত সজাগতা সৃষ্টিয়ে এক বিশেষ বার্তা বহন কৰিব বুলিও সভাত মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।


সভাখনত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি কৰুণা মহন্ত, সাধাৰন সম্পাদক ৰাজেশ কুমাৰ দত্ত, অসম চাহ সঞ্চালকালয়ৰ সঞ্চালক কৰ্মদেৱ ব্রহ্ম, উদ্যোগ মন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়া কমল ভূঞা উপস্থিত আছিল।

Leave A Reply