Breaking

ক’ভিডৰ তৃতীয় ঢৌঁৰ পূৰ্বেই অসমত শিশু,কিশোৰৰ মাজত সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি

0 1,534

১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক’ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা।

ক’ভিডৰ তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই শিশু আৰু কিশোৰৰ মাজত ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি পাইছে।যোৱা ১৬দিনত যোৰহাটত ১১০টা শিশু ক’ভিডত আক্ৰান্ত হৈছে।নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা মহিলা আৰু শিশু ক’ভিড কেয়াৰ চেন্টাৰত ৩২টাকৈ শিশু চিকিৎসাধীন হৈ আছে।
বিশ্বনাথ চাৰিআলিৰ বিহালীত দুই শিশুৰ দেহত দেওবাৰে ক’ভিড ধৰা পৰে।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দৈনিক ৫-৬টাকৈ শিশু চিকিৎসাধীন হৈ আছে।অসম মেডিকেল কলেজ হাস্পাতালত শনিবাৰৰ নিশা ক’ভিডত সংক্ৰমণ হৈ এটি শিশুৰ মৃত্যু হয়।
অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ৫,১০১জন শিশু ক’ভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৭ শিশুৰ মৃত্যু হৈছে।অৰুণাচলতো ১০বছৰৰ তলৰ ৮৯৬টা শিশু আক্ৰান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে।ইফালে ১০-২০বছৰৰ ভিতৰত ২৯৯৮টা কিশোৰ ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য অৰুণাচলৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে।
উল্লেখযােগ্য যে,১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক’ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা।তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই অধিক হাৰত শিশু-কিশোৰৰ দেহত ক’ভিডৰ উপস্থিতিয়ে চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে।কিন্তু স্বাস্থ্য বিভাগে এই তথ্য গুৰুত্ব সহকাৰে প্ৰচাৰ কৰি ইয়াৰ বিৰুদ্ধে জনসচেতনা সৃষ্টি কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

Leave A Reply