Breaking

মৰিগাঁৱৰ লাহৰীঘাটত অংগনবাদী কেন্দ্ৰৰ নামত চলিছে তীব্ৰ লুণ্ঠন : শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে অংগনবাদী কৰ্মীয়ে

0 1,308

মৰিগাঁও : মৰিগাঁও জিলাৰ লাহৰীঘাটত সংহত শিশু উন্নয়ন আচনি শিশুৰ প্ৰথম শিক্ষা লোৱাৰ অনুষ্ঠানৰ লগতে পুষ্টিকৰ শিশু খাদ্য আদি চৰকাৰে যোগান ধৰে। লক্ষ্য আৰু উদ্দেশ্য মহৎ, পিছে কিছু অসৎ লোকৰ বাবে এই শিশু সকলৰ খাদ্য সামগ্ৰী লুণ্ঠন কৰাৰ যেন স্বভাৱগত হৈ পৰিছে। এনে বহু অংগনৱাড়ী কেন্দ্ৰ বন্ধ হৈ থকাৰ অভিযোগ শুনা যায়। তেনে এক ব্যতিক্ৰমী গুৰুত্বপূৰ্ণ বাতৰি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত বৰালিমাৰীৰ এখন অংগনৱাড়ী কেন্দ্ৰৰ এজাক শিশুৰ লগতে স্হানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী।এজাক কণ কণ শিশুক এনেদৰে লৈ অংগনবাদী কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদ। ন মাহ ধৰি কেন্দ্ৰটোৰ কৰ্মীগৰাকীয়ে শিশু-গৰ্ভৱতী মাতৃৰ নামত আৱণ্টিত খাদ্য সামগ্ৰী আত্মসাৎ কৰা অভিযোগ এওঁলোকৰ। কৰ্মী-সহকৰ্মী নাহে কেন্দ্ৰটোলৈ। লকডাউনৰ তিনিমাহৰ আগৰ পৰাই অংগনবাদী কৰ্মী সহকৰ্মী দুগৰাকীৰ ছাঁটোকে দেখা নাই এওঁলোকে। কেন্দ্ৰটোৰ কৰ্মী ছাজিদা চুলতানাৰ পৰিৱৰ্তে স্বামী লুৎফুৰ ৰহমানে অংগনবাদী কেন্দ্ৰটোত মাজে মাজে আহি চোৱা চিতা কৰাৰ অভিযোগ। এনেদৰেই চলিছে লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাদী কেন্দ্ৰসমূহ। চুপাৰ ভাইজাৰক মেনেজ কৰি অংগনবাদী কেন্দ্ৰৰ নামত এতিয়া চলিছে কেৱল লুণ্ঠন।

Leave A Reply