Breaking

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী দিলীপ তামূলী লৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান…

0 121

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱলৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান কৰা হয় । ভাৰতীয় দৃশ্য কলাৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙলবাৰে নতুন দিল্লীত উক্ত অনুষ্ঠানৰ মুখ্য অতিথিৰূপে কেৰেলাৰ মহামহিম ৰাজ্যপাল আৰিফ মহম্মদ খানে “৬ষ্ঠ-ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” চিত্ৰাঞ্জলি – ২০২৩, সমাৰোহত উক্ত সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰীয় ললিত কলা অকাডেমীৰ সহযোগত মেঘ মণ্ডল সংস্থাৰ উদ্যোগত আয়োজিত কৰা এই বঁটাটো যোৱা ইংৰাজী ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ১৫ জনপথৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানটোত চলিত বৰ্ষৰ সন্মানীয় শিল্পীসকলৰ উল্লেখযোগ্য অৱদানক উদযাপনৰ বাবে উৎসৰ্গিত কৰা হৈছে। উক্ত অনুষ্ঠানত ভাৰতীয় সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য এই অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকে। লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আন ১৪ গৰাকী বিশিষ্ট শিল্পী, শিল্প সমালোচক আৰু সাংস্কৃতিক বিশেষজ্ঞৰ উপস্থিতত এই বঁটা প্ৰদান কৰা হয়।
অসমৰ মাজুলী জিলাত ১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহন কৰা শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে বিগত ২৫ বছৰতকৈ অধিক সময় দৃশ্য কলা বিভাগত শিক্ষকতাৰ অভিজ্ঞতাৰে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয় অসমৰ পৰা জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত কলা প্ৰবক্তা হিচাপে অৱসৰ লয় । কলিকতাৰ বিশ্ব ভাৰতী শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁৰ শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল য’ত তেওঁ পাঁচ বছৰীয়া ডি সূক্ষ্ম কলা আৰু দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰথম শ্ৰেণীৰ পদত সুখ্যাতিৰে সম্পূৰ্ণ কৰিছিল। পিছলৈ তেওঁ ৰয়েল ডেনিছ বৃত্তি লাভ কৰে, কোপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমী অৱ আৰ্টত। ব্ৰিটিছ সংগ্ৰহালয়, ট্ৰেড গেলেৰী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। বৰ্তমান তেখেতে ড০ ভূপেন হাজৰিকা ৰিজনেল ফ্লিম ইনচটিটিউট ত চিনগ্ৰাফী ( দৃশ্য পৰিকল্পনা) কৰা বিষয়ত জেষ্ঠ প্ৰবক্তা ৰূপে কৰ্মৰত।


তেওঁৰ মন আছে এজন শিল্পী, এজন শিক্ষক আৰু এজন সমাজকৰ্মীক একেলগে গুটিয়াই লোৱা। বৰ্তমান তেওঁ নিজৰ আভ্যন্তৰীণ অন্বেষণৰ পৰা সামাজিক ইতিহাস, ঐতিহ্য আৰু শিপাৰ বৃহত্তৰ কম্পাছৰ ফালে মনোনিৱেশ কৰিছে। তেওঁ পৰম্পৰাগত অসমীয়া ক্ষুদ্ৰ চিত্ৰকলাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে।
ভাৰত তথা অসমৰ শিল্প আৰু সংস্কৃতিক ক্ষেত্ৰখনৰ শিল্পী, শিল্প সমালোচক, আৰু সাংস্কৃতিক বিশেষজ্ঞৰ বিশিষ্ট পেনেলে আমাৰ সমাজত শিল্পৰ তাৎপৰ্য্যৰ ওপৰত জ্ঞানদায়ক আলোচনা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে মানৱ সংস্কৃতি ফাউণ্ডেছনে এক ভেটি নিৰ্মাণৰ প্ৰয়াস কৰি আহিছে লগতে এই ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কালৰ পৰাই শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে মূখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিভিন্ন কলা উদ্যোগৰ ব্যৱস্থাপনা তথা সাংস্কৃতিক জগতৰ বাবে শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক তথা মূখ্য সঞ্চালক শ্ৰীযুত ৰুদ্ৰাংকুৰ হাজৰিকা উদ্যোগত ২০১৩ চনৰ ১৩ আগষ্ট’ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা এই ফাউণ্ডেছনটোৱে ভাৰতীয় তথা অসমৰ শিল্প, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ কাৰ্য্যও অবিৰতভাৱে গ্ৰহন কৰাৰ প্ৰয়াস কৰি আহিছে ।

Leave A Reply