Breaking

নগাঁৱত বিদুৎ বিভাগৰ অবিবেচকী কাণ্ড : এমাহত বিল আহিল ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা

0 88

নগাঁও

সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শেহতীয়া এক কৰ্মকাণ্ডক লৈ সৰৱ চৰ্চা চলিছে নগাঁৱত। বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডই   বিভাগটোৰ প্ৰতি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।  বিশেষকৈ লকডাউনৰ সময়ছোৱাত বিভাগটোৰ কৰ্মচাৰীসকলৰ পালমৰা স্বভাৱৰ বাবেই বৰ্তমান নগাঁৱৰ বহু লোকে লাভ কৰিছে বিসংগতিপূৰ্ণ বিল। নগাঁও চহৰৰ লক্ষীনগৰৰ এছ এন শইকীয়া নামৰ ব্যক্তিগৰাকীলৈ বিদ্যুৎ বিভাগে ভুলকৈ প্ৰস্তুত কৰা এখন বিল প্ৰেৰণ কৰিছিল। বিভাগটোৱে প্ৰদান কৰাত বিলত ৫০৯ ইউনিটৰ বিপৰীতে ৩০০০ টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু শইকীয়াৰ ঘৰৰ মিটাৰত থকা অনুসৰি সেইমাহত মাত্ৰ ১০৭ ইউনিটহে হৈছিল। সেয়ে শইকীয়াই শক্তি বিভাগৰ উত্তৰ হয়বৰগাঁৱৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে। শইকীয়াৰ অভিযোগৰ পিছতে বিদ্যুৎ বিভাগে শুদ্ধ বিল পঠিওৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সেই বিল আদায় দিয়াৰ প্ৰয়োজন নাই বুলিও জনায়। কিন্তু বুধবাৰে পুৱা বিদ্যুৎ বিভাগে শুধৰাই পঠিওৱা বিল চাই শইকীয়াৰ চকু কপালত উঠে। কাৰণ নতুন বিল অনুসৰি শক্তি বিভাগে ৯৯৯৯৯ ইউনিটৰ বিপৰীতে এমাহত ৭৭ লাখ ২০ হাজাৰ ৭৭৫ টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে শইকীয়াক। এই বিল পোৱাৰ পিছতেই শক্তি বিভাগৰ প্ৰতি খৰ্গহস্ত হৈ পৰে অভিজিৎ শইকীয়া। পূৰ্বৰ ৩০০০ টকাৰ ভুল বিল শুদ্ধ কৰিবলৈ গৈ ৭৭ লাখ টকাৰ বিল লাভ কৰাৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈ পৰে গ্ৰাহকজন। একেদৰে চামগুৰি শক্তি বিভাগেও যথেষ্ট লোকক ভুলকৈ উচ্চহাৰত বিল প্ৰদান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। যোৱা ৪ মাহে পুৰণিগুদাম বৰপানীগাঁৱৰ মৃত চন্দ্ৰকমল বৰাৰ নামত থকা বিদ্যুৎ সংযোগৰ বিপৰীতে বিল নহাত অভিযোগ দিছিল তেঁওৰ পত্নী বিনু বৰাই। সেই অভিযোগৰ পিছতেই চামগুৰি শক্তি বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ বিসংগতিপূৰ্ণভাৱে ১৬ হাজাৰ টকাৰ বিল প্ৰেৰণ কৰে। একেদৰেই নগাঁৱৰ পানীগাঁও চাৰিআলিৰ প্ৰৱাল শৰ্মা নামৰ ব্যক্তিগৰাকীকো বিদ্যুৎ বিভাগে এমাহৰ বিলৰ বাবদ ১ লাখ ৬৭ হাজাৰ টকাৰ বিল আদায় দিয়াৰ নিৰ্দেশ দিছে। এইদৰেই বিভাগটোৰ কৰ্মচাৰী সকলৰ অৰ্কমণ্যতা আৰু নাভূত-নাশ্ৰুত কাণ্ডই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে নগঞা ৰাইজক।

Leave A Reply