Breaking

সোণতলীৰ ৰাঙ্গাপানীত খাদ্য সুৰক্ষাৰ চাউল বিতৰণত দূৰ্ণীতি-অনিয়ম

0 1,092

সোণতলীৰ ৰাঙ্গাপানীত খাদ্য সুৰক্ষাৰ চাউল বিতৰণত দূৰ্ণীতি-অনিয়ম।টুপামাৰী গাওঁ পঞ্চায়ত সমবায় সমিতিৰ একাংশ এজেন্টৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।বিভাগীয় বিষয়াৰ চৰজমিন তদন্তত পোহৰলৈ আহিল এজেন্টৰ দূৰ্ণীতি, তদন্তকালত বিষয়াৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত এজেন্ট ছালামৰ একাংশ ভাড়াতীয়া লোকৰ।অভিযোগ মতে, সমবায় সমিতিখনৰ একাংশ এজেন্টে প্ৰতি মাহে দুই কোটাৰ পৰিৱৰ্তে এক কোটাকৈ চাউল বিতৰণ কৰি বাকী এক কোটা আত্মসাৎ কৰে এজেন্টে।কিন্তু কাৰ্ডত দুই কোটা বিতৰণ কৰা বুলিয়েই লিখি দিয়ে। তদুপৰি আন একাংশ এজেন্টে আকৌ সদস্য প্ৰতি আধা কেজিৰ পৰা এক কেজি পৰ্যন্ত চাউল কৰ্তন কৰে।বিষয়টো সন্দৰ্ভত প্ৰাপ্ত অভিযোগৰ ভিত্তিত বিভাগটোৰ কামৰূপ জিলাৰ DDS ৰ নেতৃত্বত এটা দলে ৰঙাপানী অঞ্চলত কৰে চৰজমিন তদন্ত

এই তদন্ততে ওলাই পৰে সমবায় সমিতিখনৰ এগৰাকী এজেন্ট আব্দুল ছালামৰ দূৰ্ণীতিৰ সকলো তথ্য।এজেন্ট আব্দুল ছালামৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই।

Leave A Reply