Breaking

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা ! বিবাহ বিচ্ছেদত অনুমোদন দিল্লী উচ্চ ন্যায়ালয়ৰ…

0 15

পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ সঘনাই পিতৃ গৃহলৈ গৈ থকাটোও স্বামীৰ প্ৰতি কৰা এক নিষ্ঠুৰতা, বিবাহ বিচ্ছেদত অনুমোদন দিল্লী উচ্চ ন্যায়ালয়ৰ

বিবাহ বিচ্ছেদৰ প্ৰসংগত আজি এক গুৰুত্বপূৰ্ণ ৰায় দিলে দিল্লী উচ্চ ন্যায়ালয়ে। পত্নীয়ে কোনো কাৰণ নোহোৱাকৈ ঘৰ এৰি যোৱা, বাৰে বাৰে পিতৃগৃহলৈ গৈ থকা, শহুৰেকৰ ঘৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা নকৰা, স্বামীৰ সৈতে ভাল আচৰণ নকৰা আদি কথাবোৰ প্ৰকৃততে এগৰাকী পত্নীয়ে স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা। এই সামগ্ৰীক দিশ বিবেচনা কৰি দিল্লী উচ্চ ন্যায়ালয়ে এহাল দম্পতীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰিলে। উল্লেখ্য এজন ব্যক্তিয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন জনাইছিল।

লোকজনে অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে কোনো যুক্তিসংগত কাৰণ অবিহনেই প্ৰায়ে তেওঁৰ পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। তেওঁ তেওঁৰ শহুৰেকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰা হৈছিল। আদালতে সেয়ে পত্নীৰ এনে আচৰণক স্বামীৰ প্ৰতি কৰা নিষ্ঠুৰতা বুলি গণ্য কৰি বিবাহ বিচ্ছেদৰ অনুমতি দিব লাগে বুলি লোকজনে আবেদন জনাইছিল। দম্পতীহালে ১৯৯২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত পতিয়ে ২০১৭ চনত পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। পাঁচ বছৰৰ মোকৰ্দমাৰ পিছত পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰে। তাৰ পিছত লোকজনে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আদালতত দাখিল কৰা শপতনামাত তেওঁ কৈছিল যে তেওঁৰ পত্নী অস্থিৰ মনৰ ।

তেওঁ কোনো কাৰণ নোহোৱাকৈ তেওঁক কমেও ছবাৰ এৰি থৈ গৈছিল। কেতিয়াবা তেওঁ আনকি বহুতৰে আগত নিজকে বিধৱা বুলিও দাবী কৰিছিল। অৱশ্যে মহিলাগৰাকীৰ অধিবক্তাই স্বামীৰ এনে দাবীৰ বিৰোধিতা কৰে আৰুকয় যে মহিলাগৰাকীয়ে তেওঁৰ শহুৰেকৰ দ্বাৰা অপমানৰ সন্মুখীন হৈছিল। আনকি শাহুৱেকেও তেওঁৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল। ন্যায়াধীশ সুৰেশ কুমাৰ কাইত আৰু নীনা বনচাল কৃষ্ণাৰ খণ্ড বিচাৰপীঠে কয়, “স্বামীৰ ঘৰ সঘনাই ঘৰ এৰি যোৱাটো ন্যায়সঙ্গত নহয়। এয়া প্ৰকৃততে এক প্ৰকাৰৰ নিষ্ঠুৰতা। তদুপৰি, মহিলাগৰাকীয়ে তেওঁৰ শহুৰেকৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰা নাছিল। এই ক্ষেত্ৰত, আদালতে বিবাহ বিচ্ছেদৰ অনুমতি দিব পাৰে’’।

Leave A Reply