Breaking

জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সধাৰণ সভা

0 111

কুৰি শতিকাৰ চতুৰ্থ দশক অৰ্থাৎ ১৯৩৭ চনতে মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ ৮৬ বছৰ পাছত দেওবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সাধাৰণ সভাত বিভিন্ন অঞ্চলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়ৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হৈ বিভিন্ন স্থানত চৰকাৰী বে-চৰকাৰী ভাৱে কৰ্মৰত বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক ৰাতুল ডেকাই সভাপতিত্ব কৰা সভাত সভাৰ উদ্দেশ্য ব্যাখা কৰে প্ৰাক্তন ছাত্ৰ, জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইকবাল হুছেইনে৷

সভাৰ আৰম্ভণিতে পোহৰ সন্ধানী জালুগুটি অঞ্চলৰ তাহানিৰ যি সকল প্ৰাজ্ঞৰ সামুহিক প্ৰচেষ্টা আৰু তেখেতসকলৰ বুকুত কুৰুকি থকা সপোন তথা অযুত হেঁপাহৰ ফলশ্ৰুতিত জন্ম দিছিল জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় নামৰ ঐতিহ্যমণ্ডিত অনুষ্ঠানটিক, সেই সকলৰ জীৱিত সকলৰ দীৰ্ঘায়ু আৰু ইহলীলা সম্বৰণ কৰা সকলৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয়৷

জালুগুটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান “জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে” শতিকামুখী যাত্ৰাত ৮৬ টা বৰ্ষ গৰকিলে। ৯টা দশকযোৰা এই পৰিক্ৰমাত এই বিদ্যালয়ৰ কোলাৰ পৰা সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছিল অলেখ অযুত মানৱ সম্পদৰ৷ তাহানিৰে চহা, উদাৰমনা অঞ্চলটিৰ জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে উপৰি পুৰুষৰ সীমাহীন সপোন, শ্ৰম, ঘামেৰে সংপৃক্ত আশাবোৰৰ সংমিশ্ৰিত ফচল এই বিদ্যালয় খনিৰ কোলা শুৱনি কৰি আজিও অধ্যয়নত হৈ আছে প্ৰায় পোন্ধৰ শ ছাত্ৰ ছাত্ৰী ৷

এই সময়তে জালুগুটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিৰ ছাঁত জীৱন গঢ়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হোৱাৰ প্ৰয়াসেৰে হোৱা প্ৰথমখনি সাধাৰণ সভাত প্ৰাক্তন বহু জ্যেষ্ঠয়ে মন্তব্যত অতিত সোৱৰি আবেগিক হৈ পৰে৷

প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিছু সময় হেৰুৱা সুঁতিৰ আঁত বিছৰাৰ ইচ্ছাৰে, এক মননশীল কাৰ্যসূচীৰ পৰিকল্পনাৰ অৰ্থে সভাত কিছু প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই সাধাৰণ সভাতে আগন্তুক সময়ত কাৰ্যসূচী সমূহ চলাই নিবলৈ তিনি বছৰীয়া কাৰ্যকাল নিৰ্ধাৰণ কৰি “প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সতীৰ্থ সমিতি” নামাকৰনে সভাপতি প্ৰাক্তন ছাত্ৰ ৰাতুল ডেকা , সাধাৰণ সম্পাদক হিচাপে প্ৰাক্তন ছাত্ৰ তথা ২০০৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ফৰিদুদ ইউনুছ (জোন)ৰ নেতৃত্বত ৫১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে৷ সমিতি খনত অঞ্চলৰ বহু সংখ্যক জ্যেষ্ঠ লোক আমন্ত্ৰিত উপদেষ্টা থাকিব যদিও বিশেষ ভাৱে পাঁচ জন উপদেষ্টাক সাধাৰণ সভাই সৰ্বসম্মতি মতে নিৰ্দ্ধাৰণ কৰে ক্ৰমে, আলহাজ আনোৱাৰ হুছেই, বিপুল হুছেইন, মুক্তি দেৱ নাথ, উপেন্দ্ৰ কুমাৰ নাথ আৰু মুন ঠাকুৰীয়া৷

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বহু প্ৰত্যাশাৰে আহ্বান কৰা উক্ত সভাত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জোনা ৰাণী ভাগৱতী উপস্থিত থাকি উদ্যোগতা সকলে লোৱা এই পদক্ষেপক আদৰণি জনাই আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষ তৰফৰ পৰা আগন্তুক দিনত পূৰ্ণ সহযোগিতা কৰা আশ্বাস প্ৰদান কৰে৷

আনহাতে বিদ্যালয়ৰ শিক্ষক গোটৰ হৈ সভাত মন্তব্য ৰাখে শিক্ষক গোটৰ সম্পাদক ৰাজীৱ লোচন দাসে৷ মন্তব্যত শিক্ষক গোটৰ সম্পাদক জনে প্ৰতিষ্ঠা কালৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল লগ হৈ কৰা সকলো যোগাত্মক কাৰ্যসূচীতে সহযোগ আগবঢ়াই যোৱাৰ সহমত প্ৰকাশ কৰে৷ আনহাতে নৱ নিৰ্বাচিত প্ৰাক্তন ছাত্ৰছাত্ৰী সতীৰ্থ সমিতি খনে আগন্তুক সময়ত বিদ্যালয়ৰ সমূহ প্ৰাক্তন শিক্ষাৰ্থীৰ তথা ৰাইজৰ সহযোগিতা কামনা কৰে৷

Leave A Reply