Breaking

নাজিৰাৰ শিক্ষা খণ্ডৰ বৰবৰুৱা মণ্ডল সমল কেন্দ্ৰত জনভাগিদাৰী সভা

0 93

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি তিনিদিনীয়াকৈ জনভাগিদাৰী কাৰ্যসূচী ৰূপায়ন কৰি বৃহস্পতিবাৰে সামৰণি মৰাৰ উদ্দেশ্যে নাজিৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰবৰুৱা মণ্ডল সমল কেন্দ্ৰৰ ৪৯৮ নং হালোৱা গাওঁ প্ৰাথমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকে আতঁধৰা সভাখনত বিদ্যালয়ৰ লগত অভিভাৱক – অভিভাৱিকা তথা ৰাইজক জড়িত কৰণ আৰু ভূমিকা সম্পৰ্কেআলোচনা কৰে।

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেতৈয়াৰ কৰা বিভিন্ন শিক্ষন শিকন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু ছাত্ৰ – ছাত্ৰী সকলৰ ২০২২ বৰ্ষৰ গুণোৎসৱৰ ফলাফলৰ প্ৰমাণ পত্ৰ, সমসাজ বিতৰণ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷

Leave A Reply