Breaking

পৰমানন্দ ৰাজবংশীৰ অসম গণ পৰিষদত যোগদান

0 57

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১০ নৱেম্বৰঃ আজি অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰনেতা  ডঃ পৰমানন্দ ৰাজবংশীয়ে। অগপৰ মূখ্য কাৰ্যলয় আমবাৰীত হাতীৰ পিঠিত উঠিল পৰমানন্দ। পৰমানন্দ ৰাজবংশীক গণ পৰিষদ দলৰ মজিয়ালৈ আদৰণি জনায় অসম গণ পৰিষদ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে অগপৰ জেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে অসম গণ পৰিষদত যোগদান কৰা বুলি ৰাজনৈতিক মহলত ব্যপক চৰ্চা লাব কৰিছে। আজি ৰাজবংশীৰ লগত দৰং জিলাৰ চিপাঝাৰ সমষ্টিৰ ৰাজবংশীৰ বহু সমৰ্থকে অসম গণ পৰিষদত যোগদান কৰে। আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনত চিপাঝাৰ সমষ্টিৰ পৰা পৰমানন্দ ৰাজবংশীয়ে প্ৰতিদ্বন্দিতা কৰাৰ কৰিব।

আনহাতে অসম গণ পৰিষদৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৰাজবংশীৰ নিৰ্বাচনী অংকত আউল লগোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এতিয়া নিৰ্বাচনত চিপাঝাৰ সমষ্টিত কি নিৰ্বাচনী সমীকৰণ সেয়া লক্ষ্যনীয় হব।

Leave A Reply