Breaking

বকোৰ গামেৰিমুৰাত কোচ ৰাজবংশী পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক অধিবেশন সম্পন্ন…

0 75

বকোৰ গামেৰিমুৰাত কোচ ৰাজবংশী পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক অধিবেশন সম্পন্ন। অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান।

ৰাজ্যৰ থলগিৰি ভূমিপুত্ৰ জনগোষ্ঠী সমূহৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী সকলোৰ জাতীয় সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ গামেৰিমুৰা শাখাৰ বাৰ্ষিক সভা খন আজি অনুষ্ঠিত হয়।

কোচ ৰাজবংশী সন্মিলনীৰ গুৱাহাটী জিলা সমিতিৰ অন্তৰ্গত গামেৰিমুৰা জাকুৱাপাৰাত পুৰুষ আৰু মহিলা সন্মিলনীৰ যৌথ বাৰ্ষিক সাধাৰণ সভা আৰু অধিবেশন অনুষ্ঠিত হয়। কোচ ৰাজবংশী সন্মিলনীৰ গামৰিমুৰা প্ৰাথমিক শাখাৰ সভাপতি পবিত্ৰ দাসৰ পৌৰহিত্যত আৰু সম্পাদক অৰুণ ( লীলা ) দাসৰ তৎপৰতাত গাওঁৰ ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হয় অধিবেশন খন।

সভাত পুৰুষ আৰু মহিলা উভয় গোটৰ সাধাৰণ সভা অনুষ্ঠিত হয়। ইফালে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্য্যকৰী সভাপতি অমৰেন্দ্ৰ দাসৰ আহ্বানত আয়োজন কৰা অধিবেশনত জাতীয় সংগঠনৰ কেৱাগৰাকীও ৰাজ্যিক আৰু জিলা সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply