Breaking

মেৰাপানীত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৈয়াং সাহিত‍্য সভাৰ উদ‍্যোগত জোনাকী বঁটা প্ৰদান অনুষ্ঠান…

0 116

অসম সাহিত‍্য সভাৰ অগ্ৰণী শাখা মেৰাপানীৰ দৈয়াং শাখা সাহিত‍্য সভাই দৈয়াং অঞ্চলৰ শৈক্ষিক, বৈদ্ধিক উত্তৰণৰ প্ৰতি দায়বদ্ধতা ৰাখি অঞ্চলটোৰ দৈয়াং হাইস্কুল আৰু কাছমাৰী হাইস্কুলৰ দুয়োটা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ আৰু দৈয়াং মহাবিদ‍্যালয়ৰ উচ্চতৰ মাধ‍্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা আৰু দুয়োটা স্তৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ -ছাত্ৰীক সাহিত‍্য সভাৰ তৰফৰ পৰা আজি কৃতীমান ছাত্ৰ ছাত্ৰী জোনাকী বঁটা -২০২২ প্ৰদান কৰে।

দৈয়াং উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃষ্টি ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বৰ্ষৰ বাবে চাৰি গৰাকী কৃতীমানক জোনাকী বঁটা প্ৰদান কৰা হয়। মেৰাপানী জাতীয় বিদ‍্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা অসম সাহিত‍্য সভাৰ “চিৰ চেনেহী মোৰ ভাষা জননী ” গীতেৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে দৈয়াং সাহিত‍্য সভাৰ সভাপতি দৈয়াংৰত্ন মহেন বৰুৱাই । অনুষ্ঠানটোৰ আঁত ধৰে দৈয়াং সাহিত‍্য সভাৰ সম্পাদক চন্দ্ৰদ্বীপ গগৈয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা সাহিত‍্য সভাৰ সভাপতি পবিত্র বৰবৰা , জিলা সম্পাদক বন্তি বৰা আৰু অসম সাহিত‍্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভুঞা ।

ইয়াৰোপৰিও সভাত মেৰাপানীৰ দৈয়াং মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ড° বিদুৰ কুমাৰ বৰুৱা , দৈয়াং সাহিত‍্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰা , প্ৰাক্তন সম্পাদক দুৰ্লভ বড়ি , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি নিকুঞ্জ মেধি , দৈয়াং হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কৰৱী বৰা , প্ৰাক্তন সম্পাদক দুলাল দাস ,মেৰাপানী মহকুমা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা, সম্পাদক বাবুল শইকীয়া , ট্ৰানুপ্ৰাণ নাৰায়ন আদি কৰি বহু সংখ্যক সাহিত‍্য অনুৰাগী উপস্থিত থাকে ।

আজি এই জোনাকী বঁটা প্ৰদান অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুয়োটা পৰীক্ষা কেন্দ্ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা মেৰাপানী কে বি এম স্কুলৰ ছাত্ৰ সুমিত চাহ , অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা মেৰাপানী জাতীয় বিদ‍্যালয়ৰ ছাত্ৰ চিৰঞ্জীৱ বৰা , আৰু দৈয়াং মহাবিদ‍্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৰাধাশ্ৰী বসুমতাৰী আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কমলা বৰাক আজি দৈয়াং সাহিত‍্য সভাই নগদ ধন , মান পত্ৰ , ফুলাম গামোছা আৰু একোটাকৈ সাহিত‍্য সভাৰ স্মাৰকৰে বিশেষ সমদ্ধনাৰে জোনাকী বঁটা প্ৰদান কৰে ।

উল্লেখ‍্য যে উক্ত অনুষ্ঠানতে অসম নগালেণ্ড সীমান্তৰ ১৯৮৫ অসম নগা যুদ্ধৰ পাছৰ নগা অসমীয়া ৰাজনৈতিক, অৰ্থসামাজিক সম্পৰ্কৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা দৈয়াং মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ বিদুৰ কুমাৰ বৰুৱাকো সাহিত‍্য সভাৰ তৰফৰ পৰা ফুলাম গামোছা , মান পত্ৰ আৰু এটা স্মাৰকৰে সমদ্ধনা জনায় ।

এই অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি হিচাপে নিৰ্বাচিত হোৱা নিকুঞ্জ মেধিকো সাহিত্য সভাই বিশেষভাৱে সম্বদ্ধনা জনায়। আজি এই অনুষ্ঠানটোত কেইবা শতাধিক ছাত্ৰ -ছাত্ৰী, অবিভাৱক , শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেইবাটাও সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

Leave A Reply