যোৰহাট জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন…

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ দ্বাদশ ত্ৰি বাৰ্ষিক কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখনি তিতাবৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত জালুকনবাৰী শাখা সমিতিৰ বিষ্ণু জ্যোতি ৰংগমঞ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া দেৱৰ সভাপতিত্বত সভাখনত উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন বৰাই।মুখ্য উপদেষ্টা পূৰ্ণ চন্দ্ৰ বৰা, বিশিষ্ট অতিথি হিচাপে তিতাবৰ সমষ্টিৰ বিধায়ক বিশিষ্ট চাহ খেতিয়ক ভাস্কৰ জ্যোতি বৰুৱা সভাত উপস্থিত থাকে । নিমন্ত্ৰিত অতিথি হিচাপে যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক প্রয়াত ৰমেশ তাছা পত্নী শ্ৰীমতী জয়মোতী‌ কায়স্থ তাছা উপস্থিত থাকে।সভাৰ পৰ্যেবেশক হিচাবে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক আচুত প্ৰসাদ গগৈ। সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মাই।

সভাত সমিতিখনৰ এবছৰীয়া কাৰ্যকালৰ কৰ্ম খতিয়ান প্ৰতিনিধিৰ আগত দাঙি ধৰে আৰু আগন্তুক বৰ্ষত কৰিবলগীয়া কৰ্মআঢনিৰ ওপৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে। সভাখনত ৩জন বিশিষ্ট চাহ খেতিয়কক জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।শেষত লটাৰী যোগে উপস্থিত প্ৰতিনিৰ মাজত উপহাৰ প্ৰদান কৰা হয়।বৰগীত, বিহুনৃত্য,ভোৰতাল নিত্য আদি অনুষ্ঠানৰে সভাখন সুন্দৰ কৰাৰ বাবে উদযাপন সমীতিলৈ জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles