Breaking

সাংবাদিক কল্যাণ পুঁজি, কৰুণাধাৰা, হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান : টংলাৰ সাংবাদিক ধনেশ্বৰ ৰাভা বৃক্কৰোগত আক্ৰান্ত

0 183

মঙলদৈ

ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা (৩৮) বৰ্তমান শয্যাগত। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত। দৰিদ্ৰতাই কোঙা কৰা এই সাংবাদিকজনে অৰ্থৰ অভাৱত নিয়মীয়াকৈ কৰিব পৰা নাই উন্নত চিকিৎসা। দুটা সন্তানৰ পিতৃ ধনেশ্বৰ ৰাভাই সেয়ে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন, হৃদয়বান ব্যক্তি, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সাংবাদিক কল্যাণ পুঁজি, মুখ্যমন্ত্ৰী সাহায্য পুঁজি, সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত গঠন হোৱা মানৱতাবাদী সংগঠন ‘কৰুণাধাৰা’ আদিৰ পৰা বিচাৰিছে অৰ্থ সাহায্য। জানিব পৰা মতে, অধুনালুপ্ত ‘আজি, দৈনিক যুগশঙ্খ, প্ৰতিবেদন, নিউজ টাইম অসম, প্ৰতিদিন টাইমত সংবাদ সেৱা কৰি বৰ্তমান অসমীয়া খবৰ কাকতৰ ভেৰগাঁৱৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধনেশ্বৰ ৰাভা বৃক্কৰোগত আক্ৰান্ত হোৱা বুলি জানুৱাৰী মাহত ধৰা পৰাৰ পিছৰে পৰা মুৰত সৰগ ভাগি পৰে। কছাৰীতল নিবাসী মনপুৰ ৰাভা আৰু গোসাঁনী ৰাভাৰ চতুৰ্থ সন্তান ধনেশ্বৰ ৰাভাই পিতৃ – মাতৃ, পত্নী সুমিত্ৰা ৰাভা, দুই সন্তান বিবেক ৰাভা আৰু কমলোচনা ৰাভা ভৰণপোষণ দিয়াটোৱেই কঠিন হৈ পৰিছে। তাতে এনে এক জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ উৱাদিহ পোৱা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু দিছপুৰ পলি ক্লিনিকত চিকিৎসা লৈ থকা ধনেশ্বৰ ৰাভাক চিকিৎসকে সপ্তাহত দুবাৰকৈ ডায়েলেচিছ কৰিব কৈছে যদিও ধনৰ অভাৱৰ বাবে কেতিয়াবা সপ্তাহত এবাৰো কৰিব নোৱাৰে ডায়েলেচিছ। বি টি এ ডি সাংবাদিক সংস্থাৰ সাংগঠনিক সম্পাদক, আপকুৰ ওদালগুৰি জিলা সমিতিৰ সহকাৰী সম্পাদক, টংলা প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক ধনেশ্বৰ ৰাভাৰ উন্নত চিকিৎসাৰ বাবে ১৫ – ১৬ লাখ টকা প্ৰয়োজন হ’ব চিকিৎসকৰ সূত্ৰে প্ৰকাশ। কিন্তু একেলগে এক লাখ টকা আজিলৈ দেখা নোপোৱা সাংবাদিকজনৰ বাবে ১৫ লাখ টকা চিকিৎসাৰ বাবে ব্যয় কৰিব পৰাটো দুৰূহ কাম বিবেচিত হৈছে। যাৰ বাবে দিক বিদিক হেৰুৱাই পেলোৱা সাংবাদিকজনে উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায় সহযোগ বিচাৰি ভাৰতীয় ষ্টেট বেংকৰ টংলা শাখা (আইএফএছচি – এছবিআইএন ০০০৭১১৮) ত থকা বেংক একাউণ্ট ৩১২২২৯০৮৮০৫ নম্বৰত জমা দিবলৈ অথবা ৯১০১২-৩৩৮৯৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে।

Leave A Reply