তামুলপুৰৰ নাগ্ৰীজুলিত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ আৰম্ভণি

বিটিআৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু নাগ্ৰীজুলি শঙ্কৰদেৱ সাংস্কৃতিক মহাবিদ্যালয়ৰ সহযোগত নাগ্ৰীজুলি শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয় প্ৰাংগণত আজিৰে পৰা ১৭ জুলাইলৈ দহ দিনীয়াকৈ
জ্যোতি সংগীত আৰু বিষ্ণুৰাভা সংগীতৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে।

আজি এক মাংগলিক পৰিৱেশত দহ দিনীয়া কৰ্মশালা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ চন্দ্ৰ দাসে।

তিনিকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নৰ উপৰিও তামুলপুৰৰ জ্যেষ্ঠ সাংবাদিক তীৰ্থ ৰঞ্জন মহন্তই অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে।

Related Articles