Breaking

কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ দেহাৱসান: সমগ্ৰ ওদালগুৰিত শোকৰ ছাঁ

0 1,289

ওদালগুৰি জিলাৰ ডিমাকুছিৰ  বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা যোৱা নিশা প্ৰায় ১:১৫ বজাত পৰলোক প্ৰাপ্তি ঘটে৷  ডেকাকালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ডিমাকুছিত শঙ্কৰদেৱৰ আদৰ্শ প্ৰচাৰ কৰি অঞ্চলটোত জাতি জনজাতিৰ মাজত মিলনসেতু গঢ়া হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ ওদালগুৰিত৷ উল্লেখ্য যে ৯৭ বছৰীয়া সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল কিছু দিন পূৰ্বে তেতিয়াৰ পৰাই শয্যাগত অৱস্থাত আছিল সত্ৰাধিকাৰ গৰাকী। কিন্তু সদৌ শেষত নিয়তিৰে হাৰ মানি যোৱা নিশা বৰঙ্গাজুলি সত্ৰত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকী৷ মাধৱদেৱ বঁটা, ভকত শিৰোমণি, ভূপেন হাজৰিকা সমন্বয় বঁটা, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা আৰু মৃত্যুৰ ১২ ঘন্টা পূৰ্বে ওদালগুৰি জিলা সাহিত্য সভাৰ ‘ওদালগুৰি ৰত্ন-২০২০’ লাভ কৰা বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাক শেষ বাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিআৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিছিৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকে আদি কৰি বহুতো লোক। আনফালে বিভিন্ন বঁটাৰে সন্মানিত হৰেকৃষ্ণ মহন্তৰ মৃত্যুত শোক প্ৰকাশ কৰে ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠন, ওদালগুৰি জিলা সাহিত্য সভা, টংলা সাহিত্য সভা, টংলা আঞ্চলিক ছাত্ৰ সন্থা, টংলা প্ৰেছ ক্লাৱকে আদি কৰি সমূহ ওদালগুৰি বাসি ৰাইজে।

Leave A Reply