Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ দেওমৰনৈৰ কংগনা কলিতাৰ

0 99

সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী কংগনা কলিতাই ৯৫.১৬ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনে।

দেওমৰনৈৰ লোজোৰা গাঁও নিবাসী প্ৰয়াত পুষ্পৰাম কলিতা আৰু হৰেশ্বৰী কলিতাৰ কন্যা কংগনাই ইংৰাজীত ৯৫, অসমীয়াত ৯৭, সাধাৰণ গণিতত ৯৩, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৭ আৰু হিন্দীত ৯২নম্বৰসহ সৰ্বমুঠ ৫৭১ নম্বৰ লাভ কৰে।

এই ফলাফলত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতি, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ’ৰাম, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থা, নামখলা প্ৰেছ ক্লাৱ, দেওমৰনৈ কবি সমাজ আদিয়ে ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে।


আনহাতে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জাপমৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়, সৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়, নামখলা জাতীয় বিদ্যালয়, ৰামসৰস্বতী হাই স্কুলৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।

জাপমৰা বড়ি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ ১২ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীয়ে ডিষ্ট্ৰিংচন, এগৰাকীয়ে ষ্টাৰ নম্বৰসহ ছয় গৰাকীয়ে প্ৰথম বিভাগ, পাঁচ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু এগৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।

আনহাতে নামখলা জাতীয় বিদ্যালয়ৰ পৰা পোন্ধৰ গৰাকীৰ পৰীক্ষাৰ্থী ভিতৰত তিনি গৰাকীয়ে ডিষ্টিংচন, চাৰি গৰাকীয়ে ষ্টাৰ, চাৰি গৰাকীয়ে প্ৰথম বিভাগ আৰু চাৰি গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে৷

Leave A Reply