Breaking

কোকৰাঝাৰৰ ফকিৰাগ্ৰামত শতৰূপা কবি সংগমত কবি সন্মিলন, গ্ৰন্থ উন্মোচন…

0 26

এফালে ব’হাগৰ ৰঙালী বিহু, আনফালে লোকসভা নিৰ্বাচনৰ বতৰ আৰু তাৰ মাজতে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ জ্ঞানবিকাশ জাতীয় বিদ্যালয়ত এখন বিশাল কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। ধুবুৰী আৰু কোকৰাঝাৰ জিলা দুখনৰ পৰা প্ৰায় অৰ্ধশতাধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰি উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে।

শতৰূপা কবি সন্মিলনৰ সভাপতি ৰাষ্ট্ৰপতি বঁটা প্ৰাপক অৱসৰী শিক্ষক কৃষ্ণ চন্দ্ৰ নাথ, সম্পাদিকা শীলা পালে আৰু জ্ঞানবিকাশ জাতীয় বিদ্যালয়ৰ সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দই অনুষ্ঠানটো সফল কৰি তোলে।

সমালোচক হিচাপে উপস্থিত থাকে সাংবাদিক অৰুণ মহন্ত। বহুতো কবিৰ বিভিন্ন ভাৱনা-চিন্তাৰে প্ৰস্তুত কৰা স্বৰচিত কবিতাই দৰ্শকক আপ্লুত কৰি তোলে। প্ৰত্যেক গৰাকী কবিক ফুলাম গামোচা আৰু প্ৰশংসা পত্র প্ৰদান কৰা হয় ।কোকৰাঝাৰ জিলাৰ বিশিষ্ট লেখিকা মালতী নাৰ্জাৰী, সমাজ সেৱিকা উমা বসুমতাৰী প্ৰমুখ্যে বহুসংখ্যক গুণী-জ্ঞানী কবি, সাহিত্যিক আৰু সাংবাদিক উপস্থিত আছিল। কেইবাখনো গ্ৰন্থ ক্ৰমে কৃষ্ণ চন্দ্ৰ নাথৰ “চিঞৰ” শীলা পালৰ “অৰ্ঘ” কবিতা দেৱীৰ “সুৰভি” আৰু বিদ্যালয়খনৰ পৰা “পুৱাৰ কিৰণ” নামৰ কবিতা পুথি উন্মোচন কৰা হয়।

Leave A Reply