Breaking

আজি মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সাজু ইমি, মিছকি আৰু লিয়ন…

0 37

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুত দায়িত্ব ইমি, মিছকি আৰু লিয়নৰ । দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ থলী কাজিৰঙাত দৌৰাত্ম চোৰাং চিকাৰীৰ। পিছে ইমি, মিছকি আৰু লিয়নিয়ে প্ৰতি পল নিদ্ৰা হৰণ কৰিছে চোৰাংচিকাৰী। স্বস্তিৰ নিশ্বাস পেলাইছে বনকৰ্মীৰ লগতে উদ্যানখনৰ সুৰক্ষাৰ নামত নিয়োজিত নিৰাপত্তাৰক্ষী সকল। কাৰণ সদা জাগ্ৰত প্ৰহৰী ৰূপে আছে ইমি, মিছকি আৰু লিয়ন। এই তিনি জাগ্ৰত প্ৰহৰী হৈছে বেলজিয়াম মেলিনীয়াছ প্ৰজাতিৰ অতি শক্তিশালী কুকুৰ।

ইউ কে আৰু জাৰ্মান প্ৰশিক্ষকৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰে প্ৰশিক্ষণ প্ৰাপ্ত ইমি , মিছকি আৰু লিয়নে পাঁছটা বছৰ পাৰ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ নামত। সুৰক্ষা কৰ্মীৰ লগত সমানে সমানে দিনা নিশাই উদ্যানৰ বিশ্ব বিখ্যাত তথা অসম গৌৰব এশিঙীয়া গড়ৰ লগতে অন্যান্য জীৱ জন্তুক সুৰক্ষাৰ নামত ন্যুনতম কৃপনালী কৰা নাই এই তিনি কে-৯ ডগ স্কোৱাডে । চোৰাং চিকাৰীৰ নিদ্ৰা হৰণ কৰা কে-৯ ডগ স্কোৱাডৰ ইমি বুঢ়াপাহাৰ অঞ্চলত, মিছকি বাগৰি অঞ্চলত আৰু লিয়নে বোকাখাট মুখ্য কাৰ্যালয়ত কৰ্মৰত। এই তিনি জাগ্ৰত প্ৰহৰীক লৈ গৌৰৱান্বিত সুৰক্ষা কৰ্মীৰ লগতে বন বিষয়া কৰ্মচাৰী সকলৰ লগতে স্হানীয় ৰাইজ।আৰু মাত্ৰ তিনিটা বছৰ আছে তিনিওৰে কাৰ্যকাল। তাৰ পিছতেই তিনিওঁ গ্ৰহন কৰিব অবসৰ। পৰবৰ্তীকালত এই তিনি জাগ্ৰত প্ৰহৰীৰ ক্ষেত্ৰত বন বিভাগে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

Leave A Reply