Breaking

চন্দ্ৰযান-৩ৰ অভিযানৰ সফলতাত অসমৰ কোন কেইগৰাকী বিজ্ঞানী জড়িত আছিল তেওঁলোকৰ বিষয়ে জানক…

0 494

ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰৱান্বিত দেশবাসী।ইছৰোৰ এই চন্দ্ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও।জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিৱাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক সুৰেন কলিতাৰ জীয়ৰী তথা ইছৰোৰ বিজ্ঞানী উদ্দীপনা কলিতাও চন্দ্ৰযান-৩ অভিযানৰ অন্যতম অংশীদাৰ আছিল।

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত জামুগুৰিহাটৰ ইছৰোৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ। সৰুতেই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি বৰ্তমান ইছৰোৰ বিজ্ঞানী হিচাপে কৰ্মৰত উদ্দীপনা কলিতা চন্দ্ৰযান-৩ যানখন তৈয়াৰ কৰা দলটোৰ অংশীদাৰ আছিল৷ এই ঐতিহাসিক মুহূৰ্তৰ অংশীদাৰিত্ব জীয়ৰী উদ্দীপনা কলিতাও হোৱাত আনন্দিত পিতৃৰ লগতে জামুগুৰিহাটবাসী ৰাইজ

নিধি শৰ্মাৰ চন্দ্ৰযান-৩ ৰ‌ সফল অৱতৰণৰ যাত্ৰাত শহুৰ দেউতা দীপক দেৰ অৱদান অতুলনীয় । নিধি শৰ্মাৰ ঘৰ বেংগালুৰুত । ২০১৯ চনত অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ অসমৰ বোৱাৰী হ’ল নিধি শৰ্মা । এগৰাকী বিজ্ঞানিক হিচাপে নিধিৰ কৰ্মজীৱন যথেষ্ট জটিল। কিন্তু জটিল যাত্ৰাৰ পদে পদে সাহস হিচাপে থিয় দি আছিল নিধিৰ স্বামীৰ লগতে শহুৰ দেউতা ।

নিধিৰ দেহত পাঁচমহীয়া সন্তান থকাৰ পিছতো দিন ৰাতি একাকাৰ কৰি নিধি চন্দ্ৰযান ৩ ৰ সাফল্যৰ বাবে কৰ্মৰত হৈ আছে । ইয়াকলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে নিধিৰ পৰিয়ালে । বহুত ত্যাগ সাক্ষী হৈ আছে এই যাত্ৰাত । ছয় মাহ ধৰি ফোনত কথা পাতিব পৰা নাই কিয়নো এইয়া এক নিয়ম বিজ্ঞানী সকলৰ এই যাত্ৰা জড়িত থকালৈকে । এগৰাকী নাৰীৰ সফল যাত্ৰাৰ আঁৰতো পুৰুষ তথা পৰিয়ালৰ অৱদান থাকে সেইয়া প্ৰমাণ বিজ্ঞানী নিধি শৰ্মা ।

অসমবাসীৰ বাবে এটি গৌৰৱৰ খবৰ। চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।ইতিহাস সৃষ্টিৰ পথত ভাৰতবৰ্ষ ।চন্দ্ৰযান-৩ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত অসম সন্তান বৈজ্ঞানিক চয়ন দত্ত।

বৰাক জিলিকালে বিজ্ঞানী বাহাৰুল ইছলাম আৰু ৱাই বিশাল সিনহাই

বৰাকবাসীৰ মাজত ব্যাপক আনন্দ বৰাকৰ দুই সন্তানক লৈ গৌৰান্বিত অসমবাসী ।

Leave A Reply