Breaking

মীন বিপ্লৱেৰে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলা অসমৰ মীন ক্ষেত্ৰৰ ব্ৰেণ্ড-এম্বেচাদৰ ক্ষেত্ৰী কলং-কপিলী সংস্থা

0 60

যি সময়ত ৰাজ্যৰ শিক্ষিত যুৱকসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি থাকে তেনে সময়তে ৰাজধানী দিছপুৰৰ সমীপৰ ক্ষেত্ৰী বগীবাৰী গাঁৱৰ কেইজনমান উদ্যমী যুৱক-যুৱতী ক্ৰমে, জ্যোতিষ তালুকদাৰ, বিনয় কুমাৰ নাথ, কনক পাঠক,অমুল্য ডেকা,প্রভাত তালুকদাৰ,ৰতন জয়শ্ৰী আৰু উমেশ চন্দ্ৰ নামৰ শিক্ষিত যুৱক কেইজনে আত্মসংস্থাপনৰ পথ মুকলিৰ বাবে গঢ়ি তুলিছিল এটি আত্ম সহায়ক গোট। চাকৰিলৈ আশা নকৰি মৎস্য উৎপাদনৰ জৰিয়তে সপোন ৰচে স্বনিয়োজনৰ।

২০০৭ চনত আৰম্ভ কৰিছিল কলং-কপিলী নামে এটা বেচৰকাৰী সংস্থাৰ যোগেদি ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখ্য যে এটি সাধাৰণ কে.চি.চি ঋণৰ বাবে বেংকলৈ আহ-যাহ কৰিও বিফল হোৱা যুৱকৰ দলটোৱে হাৰ মান নাছিল।

নিজ নিজ মূলধনেৰে আগবাঢ়ি গৈছিল দলটো। পৰিপ্ৰেক্ষিতত আজি কলং কপিলী নামৰ সংস্থাটো সকলোৱে বাবে হৈ পৰিছে আদৰ্শ ।

বৰ্তমান এই সংস্থাটো সঞ্চালকৰ দায়িত্ব জ্যোতিষ তালুকদাৰৰ লগতে কৰ্মকৰ্তা সকলৰ পৰা এই ক্ষেত্ৰত জানিব বিছৰাত তেওঁলোকে কয় যে ২০০৭ চনত তেওঁলোকে বহু কষ্টৰে এই সংস্থাটো জন্ম দিছিল সেই সময়ত এটি সাধাৰণ বেংক ঋণৰ বাবে হাহাকাৰ কৰিছিল। তথাপিও তেওঁলোকে বহু কষ্টৰে এই কাম আৰম্ভ কৰে আৰু আজি এই অবস্থা পাইহি। এতিয়া তেওঁলোকৰ সংস্থাত ৪৫ জনতকৈ অধিক কৰ্মচাৰী আছে।

Leave A Reply