Breaking

একেটা পথৰ নামত লাখ লাখ টকা আচনি আবন্টন দি লুণ্ঠন ওজাগাও গাওঁ পঞ্চায়তত ,পথৰ মাজত কঠিয়া ৰুই ৰাইজৰ প্ৰতিবাদ

0 1,560

দৰঙৰ পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। পথ নিৰ্মাণৰ নামত বছৰে বছৰে লাখ লাখ টকা আবন্টন দি চলাই আছে লুণ্ঠন। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই  বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়ে যদি তাৰে অধিকাংশ ধন পঞ্চায়ত প্ৰতিনিধিকে আদি কৰি  বিভাগীয় কৰ্মচাৰীৰ পকেটত সোমাৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি পূৱ মঙ্গলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাও গাওঁ পঞ্চায়তৰ ১০নং ওৱাৰ্ড আৰু ৯নং ওৱাৰ্ডৰ মাজেৰে যোৱা পথৰ নামত সংঘটিত হৈছে অনিয়ম। গাঁৱৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে বিভাগীয় কৰ্তৃপক্ষই ২০২০-২১ বৰ্ষৰ এমজিএনৰেগা আচনিৰ অধিনত Earthen Bundh From Jholoman Ali House to Majibar Rahman Via Abul Hussain at Ozagaon Under MGNREGA 2020-21 বৰ্ষৰ এমজিএনৰেগা আচনিৰ নামত সাত লাখ একানব্বৈ হাজাৰ টকা আবন্টন দিছে যদিও চৰকাৰী প্ৰাক-কলনৰ নিয়ম নীতি উলংঘা কৰি নামমাত্ৰ কাম কৰি অধিকাংশ ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।যাৰ ফলত বৰষুণৰ পানী জমা হৈ বোকাময় সৃষ্টি হোৱাত যমৰ যাতনাত ভুগাইছে ৰাইজক।আনহাতে যোৱা বৰ্ষতো উক্ত পথৰ নামত লাখ লাখ টকা আবন্টন দি আত্মসাত কৰিছিল পঞ্চায়ত প্ৰতিনিধিয়ে। যমৰ যাতনাত ভুগা স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়,আমাৰ ৰাস্তা ভাল কৰি দিয়ক,আচনিৰ নামত দুৰ্নীতি বন্ধ কৰক,দুৰ্নীতি গ্ৰস্থ কৰ্মচাৰী মুৰ্দাবাদ আদি ধ্বনি দি পথটোৰ মাজত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এক গোপনসুত্ৰে জানিব পৰা মতে গাওঁ পঞ্চায়তখনৰ জি আৰ এছ,এগ্ৰীকেটেড ইঞ্জিনীয়াৰ, কণিষ্ঠ অভিযন্তা আদি বিষয়া কৰ্মচাৰী সকলে প্ৰতিটো আচনিৰ বাবদ মোটা অংকৰ কমিচন লৈ ৰূপায়িত হোৱা আচনি সমূহ পৰিদৰ্শন নকৰাকৈয়ে বিল পাছ কৰি দিয়াৰ অভিযোগ। যাৰ ফলত ঠিকাদাৰৰূপি জনপ্ৰতিনিধিয়ে আচনিৰ নামত লাখ লাখ টকা লুণ্ঠন কৰিবলৈ সক্ষম হৈছে। ওজাগাও গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰূদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ।

Leave A Reply