Breaking

কলিয়াবৰত স্থানীয় ব‍্যৱসায়ীৰ বৃহৎ লোকচান । বিয়া-সভাহৰ ৰভাঘৰ নিৰ্মাণ, পোহৰ, বাচন-বৰ্তন যোগান, কেটাৰিং ব‍্যৱসায়ী সন্মুখীন হৈছে বৃহৎ আৰ্থিক সঙ্কটৰ ।

0 71

কলিয়াবৰ :

কৰ’নাৰ সঙ্কট কাল যেন নাতঁৰিবই যেন! দিনে-দিনে, প্ৰতিদিনে বাঢ়ি আহিছে ৰোগীৰ সংখ‍্যা। ফলস্বৰূপে অধিক প্ৰভাৱিত হৈছে ব‍্যৱসায়ীসকল।বিগত ছয় মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়। ফলস্বৰূপে ভীষণ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বিয়া-সভাহৰ সভাঘৰ নিৰ্মাণৰ লগত জড়িত ব‍্যৱসায়ীসকল। টেণ্ট হাউছ বুলি জনাজাত এই ব‍্যৱসায়ত কৰ্মহীন হৈ পৰিছে এই ব্যৱসায়ৰ লগত জড়িত শ্ৰমিক সকলো। কেৱল লক ডাউন নহয়, CAB সংসদত গৃহীত হোৱাৰ পাছৰে পৰাই অসমত বন্ধ হৈ পৰিছিল ধৰ্মীয়-পৰম্পৰাগত-সামাজিক উৎসৱ, অনুষ্ঠানসমূহ। কি ৰাজনৈতিক, কি অৰাজনৈতিক সকলো সভা-সমিতি, অনুষ্ঠান পতাৰ পৰিবেশ নোহোৱা হল, ৰাইজেও নপতা হল। ফলস্বৰূপে প্ৰয়োজনহীন হৈ পৰিল টেণ্ট হাউছ সমূহ। সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিল টেণ্ট হাউছৰ ব্যৱসায়। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰটো বিগত ছটা মাহে বন্ধ হৈ আছে টেণ্ট হাউছৰ ব্যৱসায়। আৰ্থিক সংকটত ভুগিছে কলিয়াবৰৰ টেণ্ট হাউছৰ মালিক সকল। টেণ্ট হাউচ বন্ধৰ লগে লগে কৰ্মহীন হৈ পৰিল টেণ্ট নিৰ্মান শ্ৰমিক সকলৰ লগতে পোহৰ ব্যৱস্থাৰ লগত জড়িত কৰ্মী সকল। লগতে সংকটত পৰিছে পোহৰ যোগান, আভ‍্যৰ্থনাৰ লগত জড়িত ‘কেটাৰিং, সাজোন-কাচোন, বেণ্ড পাৰ্টিৰ ব্যৱসায়।বেংকৰ পৰা ঋণ লৈ টেণ্ট হাউছৰ ব্যৱসায় আৰম্ভ কৰা সকল এতিয়া অতি সংকটত । ইপিনে অতি সোনকালে যে এই ব্যৱসায় আৰম্ভ কৰিব পাৰিব তাৰো সম্ভাৱনা নাই । এক নিশ্চয়তাত এতিয়া টেণ্ট ব্যৱসায়ী সকল । চৰকাৰী সাহায্য-অনুদান অবিহনে এই ব্যৱসায়ৰ লগত জড়িত সকলৰ পানীত হাঁহ নচৰা পৰিস্থিতিৰ সন্মুখীন হব অচিৰেই । কলিয়াবৰৰ ৩৫টা টেণ্ট হাউছৰ ব্যৱসায়ী সকলে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ওচৰত আৰ্থিক সাহাৰ্য আগবঢ়াবৰ বাবে অনুৰোধ কৰিছে।

Leave A Reply