Breaking

ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান: স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ নগদ মাননী

0 135

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্র ছাত্ৰীসকলক অভিনন্দন জনোৱা আৰু অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ মাজত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ মানসেৰে শনিবাৰে চৰাইদেউ জিলাৰ সাপেখাতী ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।


ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দন বৰগোহাঁইয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে সেই বিদ্যালয়ৰে শিক্ষক ডিম্বেশ্বৰ কোঁৱৰে।  

সভাখনত ৰহণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চন্দন বুঢ়াগোহাঁইৰ সু-পুত্ৰ বিশ্বজিৎ বুঢ়াগোহাঁইক স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ নগদ মাননী, অভিনন্দন পত্ৰ,কলম আৰু ফুলাম গামোচাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উত্তীৰ্ন হোৱা মুঠ ১৮ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক কলম কিতাপেৰে অভিনন্দন জনায়।

এই গাম্ভীয্যপূৰ্ণ অভিনন্দন অনুষ্ঠানত স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বুঢ়াগোহাঁই সোঁৱৰণী শৈক্ষিক ন্যাস পুঁজিৰ দাতা মোহন চন্দ্ৰ বুঢ়াগোহাঁই , আমেৰিকাৰ অস্থায়ী বাসিন্দা অভিযন্তা চিৰঞ্জীৱ বুঢ়াগোহাঁই, গাঁও প্ৰধান জীতেন দত্ত ,গোপীনাথ গগৈ , বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপ সভাপতি নীলমণি গগৈ ,মানসী ৰাইদিহিঙীয়া , নীলিমা বৰগোহাঁই আদি কৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ  নিজ নিজ ভাষণত  ছাত্ৰ ছাত্ৰী সকলক  ভৱিষ্যতৰ  সু -নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অধিক যত্নপৰ হ’বলৈ আহ্বান জনায়।

-ৰূপামণি গগৈ,চৰাইদেউ

Leave A Reply