Breaking

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি

0 82

বিশ্বনাথ জিলাৰ অন্তৰ্গত পাতৰ জনগোষ্ঠীৰ অধ্যুষিত এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা পাতৰ সমাজে৷


বিদ্যায়তনিক দিশৰ উপৰিও কলা-শিক্ষা, স্বাস্থ্য বিধি, ব্যায়াম-যোগাসন, কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীতকে ধৰি বিভিন্ন শিক্ষামুলক দিশসমুহ কাৰ্যক্ৰমণিকাত সাঙুৰি লোৱা হৈছে।

ইতিমধ্যে বিশ্বনাথ জিলা পাতৰ সমাজৰ অন্তৰ্গত বালিজান, হনুপাম-টঙীয়া, চামগুৰি-ঘিলাধাৰী, ধূলি-বালিচাং, ডিপলোঙা-বেজৰহোলা, বৰপাম পাতৰবস্তি, আৰু মুখৰগড় প্ৰাথমিক সমিতিৰ গাঁও আৰু চাহ বাগিচা অঞ্চলত এই কাৰ্যসূচী ৰূপায়নৰ শুভাৰম্ভণি কৰা হৈছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা পাতৰ সমাজৰ সম্পাদক কৃষ্ণ পাতৰ আৰু শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰে ৷

সেয়েহে কাৰ্যসুচীভাগ সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে পাতৰ সমাজৰ বিষয়ববীয়াসকলে৷

ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply