Breaking

মাত্ৰ এটা নিশা কটাই পুৱাই ঘৰ এৰিলে লাভলীনাই সুদীৰ্ঘ এবছৰৰ পাছত পৰিয়ালৰ সৈতে লাভলীনাই তৃপ্তিৰে খালে সুখৰ এসাঁজ

0 1,546

▶️আপোন ঘৰখনত মাত্ৰ এটা নিশা কটাই আজি পুৱাই উত্তৰ প্ৰদেশলৈ ৰাওনা লাভলীনা বৰগোহাঁই।

▶️গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ বিমানযোগে যাব লাভলীনা।

▶️লক্ষ্ণৌত উত্তৰ প্ৰদেশ চৰকাৰৰ এক অনুষ্ঠানত ভাগ ল’ব লাভলীনাই।

▶️তাত লাভলীনাক প্ৰদান কৰা হ’ব ১ কোটি টকা।

▶️সুদীৰ্ঘ এবছৰৰ পাছত হেপাঁহৰ ঘৰখনত পৰিয়ালৰ সৈতে লাভলীনাই তৃপ্তিৰে খালে সুখৰ এসাঁজ।

▶️মাত্ৰ কেইটামান ঘণ্টাৰ বাবে বৰপথাৰৰ বাসগৃহলৈ অহাৰ পিছতে লাভলীনাক লৈ ব্যস্ত হৈ পৰে গাঁওবাসী,আত্মীয়–স্বজন তথা পৰিয়াল।

▶️সকলোৱে তেওঁৰ বাবে আয়োজন কৰে এসাঁজ অসমীয়া আহাৰ।

▶️বহুদিন বাহিৰত থকাৰ পিছত এসাঁজ অসমীয়া খাদ্যৰ সোৱাদ লোৱাৰ বাবে ইচ্ছা কৰি থকা লাভলীনাই মাতৃৰ সৈতে পৰম তৃপ্তিৰে গ্ৰহণ কৰে নৈশ আহাৰ।

Leave A Reply