Breaking

তামুলপুৰত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধানৰ নেতৃত্বৰ প্ৰশিক্ষণ

0 53

তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ৫ ফেব্ৰুৱাৰীৰ পৰা আয়োজিত জিলা পৰ্যায়ৰ ছয় দিনীয়া অনা আবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ শনিবাৰে সফল সামৰণি পৰে।

জিলাখনৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ ৬৩ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী সকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।

বিদ্যালয়ৰ প্ৰধান হিচাপে শিক্ষানুষ্ঠানৰ শৈক্ষিক- প্ৰশাসনিক আদি কাম কাজৰ সু-পৰিচালনা কেনেদৰে কৰিব তাৰ ওপৰত নতুন শিক্ষানীতিৰ আধাৰত শিবিৰত প্ৰশিক্ষণৰ দিহা কৰা হয় ৷


এই ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে অংশ লয় ক্ৰমে কামেশ্বৰ দৈমাৰী, কন্দৰ্প দাস, পোখৰেল আকাশ আৰু দীপক কুমাৰ তালুকদাৰে৷ প্ৰশিক্ষণ শিবিৰত তত্ববধায়ক হিচাপে দায়িত্ব পালন কৰে চি আৰ চি চি দেৱেশ্বৰ ৰাভা আৰু হিড়িম্বাছা ব্ৰহ্মই।

Leave A Reply